ৰঙিয়াঃ শ-শ উদণ্ড লোকে এটি অসহায় দৰিদ্ৰ পৰিয়ালক আক্ৰমণ কৰি ঘৰ-দোৱাৰ ভাঙি পেলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কামৰূপৰ ৰঙিয়াত৷ অমানবীয় ভাবে আক্ৰমণ কৰি গৃহহাৰা কৰে এটি পৰিয়ালক৷ পৰিয়ালটোৰ লোকসকলে হাহাকাৰ কৰিব লগা হৈছে৷ সভ্য সমাজত এটি দৰিদ্ৰ পৰিয়ালক বৰ্বৰ আক্ৰমণ কৰা ঘটনাক সহজে লব পৰা নাই ৰাইজে৷ দৰিদ্ৰ পৰিয়ালকটোক শ-শ লোকে সমবেত হৈ আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত৷

ৰঙিয়া চহৰৰ সমীপৰ দদতিয়াত গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি ঘৰ-দোৱাৰ ভাঙি ধ্বংস কৰি পেলায়৷ যি দৃশ্য চকুৰে চালে বিশ্বাস কৰিব টান লাগে৷ সভ্য সমাজত সুস্থ মানুহে এনেদৰে বৰ্বৰ ভাৱে আক্ৰমণ কৰাত সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ তিনিখন গাঁৱৰ একাংশ লোকে এটি পৰিয়ালৰ ৬টাকৈ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে৷ কামৰূপ-নলবাৰী জিলাৰ সীমান্তৰ দদতিয়াত গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি এটা পৰিয়ালৰ ৬টাকৈ বাসগৃহ ভাঙি পেলোৱাৰ লগতে পৰিয়ালটোৰ সকলোবোৰ সামগ্ৰী ভাঙি পেলায়৷

নলবাৰী জিলাৰ বৰজাবৰীহাতি, বৰিদতৰা আদিকে কৰি কেইবাখনো গাঁৱত যোৱা কেইবামাহ ধৰি গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে। এনে সময়তে ৰঙিয়া মহকুমাৰ দদতিয়াৰ এটা পৰিয়ালৰ তিনি ভাতৃয়ে এনে কামত জৰিত হৈ থকা বুলি খোদ নিশ্চিত কৰে। লগে লগে উক্ত অঞ্চলৰ ৰাইজ উত্তেজিত হৈ প্ৰায় পাচ'শ লোকে হাতত লাঠি জোংলৈ দদতিয়াত উপস্থিত হয় আৰু গৰু চুৰি কৰা বুলি অভিযোগ উত্থাপন কৰা এটা পৰিয়ালৰ এটা পৰিয়ালৰে তিনি ভাতৃ মকবুল আলী, ৰেজেক আলী, আল্টা আলীক বিছাৰে।

উত্তেজিত ৰাইজে লোক কেইজনক বিছাৰি নাপায় পিতৃ-মাতৃৰ লগতে মকবুল আলীৰ তিনিটাকৈ ঘৰ ভাঙি, টিভি, ফেন আদিকে কৰি সকলো ভাঙি পেলায়। ইমানে নহয় উত্তেজিত ৰাইজে আন দুজন লোকৰো ঘৰ ভাঙি পেলায়৷ আনকি উত্তেজিত ৰাইজে যোৱাৰ সময়ত পৰিয়ালৰ গৰু লৈ যায়। ৰাইজে আৰক্ষীক জনোৱাৰ পৰিবৰ্তে আইন হাতত তুলি লৈ দৰিদ্ৰ পৰিয়ালটোৰ ঘৰ ভাঙি পেলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে পৰিয়াল কেইটাই।