তুলসীবাৰী/ৰঙিয়াঃ মঙলবাৰে ৰঙিয়া প্ৰেছ ক্লাবৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়৷ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনৰ উন্নয়ণৰ স্বাৰ্থত অনুষ্ঠিত সভাখন গোপালপুৰ কুমটিবাৰীস্থিত জেএনবি একুৱা এগ্ৰ’ প্ৰাঃ লিমিটেডৰ ফাৰ্মত বিভিন্ন দল-সংগঠনৰ উপস্থিতিত অনুষ্ঠিত হয়৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰেছ ক্লাবৰ সভাপতি অঞ্জন জ্যোতি পাটোৱাৰীয়ে৷ সম্পাদক ফাৰুক হুছেইনে সঞ্চালনা কৰা সভাখনত অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক বিদ্যুত ডেকাই ভৱনটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সাংস্কৃতিক তথা অন্যান্য কাৰ্যসুচী ৰূপায়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা বুলি ক্ষোভ ব্যক্ত কৰে৷

সকলোকে ঐক্যবদ্ধভাবে সংশ্লিষ্ট কৰ্তৃপক্ষক হেঁচা প্ৰয়োগৰ বাবেও আহ্বান জনায়৷ বিশিষ্ট নাট্যকাৰ পৰিচালক অভিনেতা পংকজ পল্লৱ শৰ্মাই ৰঙিয়াৰ দৰে অগ্ৰণী নগৰ এখনত নাট্যচৰ্চাৰ বাবে উন্নতমানদণ্ডৰ মঞ্চ এখন হৈ নুঠাতো পৰিতাপৰ বিষয় বুলি উল্লেখ কৰে৷ হৰদত্ত-বীৰদত্তৰ দৰে পৰাক্ৰমী ৰজাৰ নামত উৎসৰ্গিত মঞ্চ তথা ভবনটো বিশ্বায়নৰ যুগতো অত্যাধুনিক ৰূপত গঢ়ি তুলিব নোৱাৰাতো দুৰ্ভাগ্যজনক বিষয় বুলি কয় শৰ্মাই৷

ৰঙিয়াৰ উদিয়মান প্ৰতিভাবান শিল্পীসকলৰ শিল্প চৰ্চাৰ বাবে সম্প্ৰতি নাট্যমঞ্চখন অত্যাধুনিক ৰূপত গঢ়ি তোলাৰ বাবে সজোৰে দাবী উত্থাপন কৰে শৰ্মাই৷ আলোচনী সভাৰ সম্পাদক প্ৰমোদ কলিতাই প্ৰতিভাবান উদিয়মান নাট্যকৰ্মী সকলে ভবনটোৰ জৰাজীৰ্ণ ৰূপতোৰ বিপৰীতে এখন অত্যাধুনিক মঞ্চ যাতে লাভ কৰিব পাৰে তাঁৰ বাবে ভবনটো গঢ়ি তোলাৰ পোষকতা কৰে৷ উক্ত সভাতে সাংস্কৃতিক কৰ্মী কিশোৰ কলিতাই প্ৰথমতে শব্দ বিশেষজ্ঞৰ জৰিয়তে ভৱনটোৰ কৌশলগত অসুবিধা সমুহ আঁতৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়৷

সমাজকৰ্মী অমৰেন্দ্ৰ গোস্বামীয়ে ভৱনটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত জনপ্ৰতিনিধি সকলৰ দায়িত্বৰ কথা উল্লেখ কৰি প্ৰয়োজনীয় ধনৰ বাবে শীঘ্ৰে আবেদন জনোৱাৰ বাবে আহ্বান জনায়৷ সভাত ৰঙিয়াৰ গুৰুত্বপূৰ্ণ পঞ্চায়ত ভৱনটো ৰাইজৰ বাবে মুকলি কৰাৰ দাবী জনোৱা হয়৷ আছুৰ হেমন্ত দাস, এবছুৰ ৰিংখাং বড়ো, এবিএমছুৰ আফজাল হুছেইন, সাৰথিৰ সম্পাদক লিটন কলিতা, প্ৰভাতী কিৰণৰ মৃদুল শৰ্মা, জনকল্যাণ ক্লাবৰ নাৰায়ণ দত্ত, কবি অৰণ্যম কাশ্যপ, সাংবাদিক প্ৰকাশ ডেকা, মিৰাজুল ইছলামৰ লগতে সমাজকৰ্মী নিপন ভূঞা উপস্থিত থাকে৷