
ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰঙিয়া হাইৱে চ'কত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, এবছু ৰঙিয়া আঞ্চলিক সমিতি, গৰিয়া মৰিয়া জাতীয় পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যাগত ৰঙিয়া হাওৱে চ'কত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰে।
প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, বি জে পি দলে ভোটৰ অংক পৰিহাৰ কৰক, বিদেশী অনা বন্ধ কৰক আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য তৌফিকুৰ ৰহমান, ৰঙিয়া আঞ্চলিকৰ নিউটন কলিতা, জিতু ডেকা, বুবুল আলি, জয়ন্ত শৰ্মা, মৃন্ময় ডেকা লগতে গৰিয়া মৰিয়া দেশী জাতিয় দেশী পৰিষদৰ চামচুল হ'ক, মোখতাউৰ ৰহমান, নিখিল বড়ো ছাত্ৰ সন্থাৰ কেইবাজনো প্ৰতিনিধি উপস্থিত থাকে।
অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত ক'লা পতাকা উৰুৱাই ক'লা দিৱস ৰূপায়ণ কৰে।
কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্ঠা জ্যোতিৰ্ময় কলিতা, ৰঙিয়া জিলা সমিতিৰ সম্পাদক কৰেন্দ্ৰ কলিতা, ৰঙিয়া আঞ্চলিক সমিতিৰ সভাপতি নৱজ্যোতি কলিতা, মতিউৰ ৰহমান আদি উপস্থিত থাকে। একে সময়তে ৰঙিয়াৰ সোঁমাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত ভূমি পৰিৱেশ সংৰক্ষণ সমিতি, ছাত্ৰ মুক্তি, এছ এফ আই, ডি ৱাই এফ আয়ে পথ অৱৰোধ কৰি নাগৰিকত্ব সংংশোধনী বিধেয়কৰ বিৰোদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত কাৰ্যসূচীত সদৌ অসম ভূমি পৰিৱেশ সংৰক্ষণ সমিতিৰ সভাপতি হৰেশ্বৰ বৰ্মন, মাক্সবাদী নেতা নৃপেন নাথ উপস্থিত থাকে।