
ৰঙিয়াঃ সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্ৰ পৰিষদে দেওবাৰে ৰঙিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ লাঞ্চিত-বঞ্চিত গৰিয়া-মৰিয়া জনগোষ্ঠীৰ লোকসকলক চৰকাৰে সদায় উপেক্ষা কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
পূৰ্বৰ তৰুণ গগৈ চৰকাৰে গৰিয়া উন্নয়ন পৰিষদ গঠন কৰিছিল যদিও সোণোৱাল চৰকাৰে ধন আৱন্টন নিদিয়াত ক্ষোভিত হৈ শীঘ্ৰে গৰিয়া উন্নয়ন পৰিষদৰ বাবে আৰ্থিক পেকেজ ঘোষণা কৰাৰ দাবী জনাই ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে সংগঠনটোৱে৷
সংগঠনটোৰ ৰঙিয়া মহকুমা সমিতিয়ে ৰঙিয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰাত ঘাইপথত তীব্ৰ যান-জোঁটৰ সৃষ্টি হয়৷ ৰঙিয়া আৰক্ষীৰ বুজনিত প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ বাতিল কৰে৷
আহোম-মোগলৰ যুদ্ধ, দেশৰ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা থলুৱা ইছলাম ধৰ্মীসকলে পৰিচয় সংকটত পৰাৰ লগতে জনগোষ্ঠীটোক উন্নয়নত ৰাজ্যৰ কোনো চৰকাৰে সহায় নকৰাৰ অভিযোগ উত্থাপন কৰি অসমীয়া জাতিৰ হকে আহোম-মোগলৰ যুদ্ধত জপিয়াই পৰা বাঘ হাজৰিকা, ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হ’কৰ উত্তৰসুৰী থলুৱা ইছলামধৰ্মীসকলৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়৷