
ৰঙিয়াঃ বৃহস্পতিবাৰে কামৰূপৰ ৰঙিয়াৰ মৰাণজানাত ৰাইজে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কেইবাশতাধিক পুৰুষ মহিলাই প্ৰশাসন তথা এটি টায়াৰ কোম্পানীৰ গৰাকীৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ যোৱা ১৫ ফেব্ৰুৱাৰীত মৰাণজানাৰ এটি টায়াৰ কোম্পানীত শ্ৰমিকে কাম কৰি থকা অৱস্থাতে মেচিন বিস্ফোৰণ সংঘটিত হৈ দুগৰাকী লোকৰ আহত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও কেইটামান ঘন্টাৰ পিছতেই দুয়োগৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল৷
মৰাণজানৰ উদ্যোগিক পামৰ কামৰূপ ফুৱেলচ ফেক্টৰী নামৰ টায়াৰ কোম্পানীত বিস্ফোৰণ সংঘটিত হৈ শ্ৰমিকদুজন অগ্নিদগ্ধ হৈ মৃত্যুক আকোৱালি লৈছিল৷ অগ্নিদগ্ধ স্থানীয় শ্ৰমিক শ্ৰমিক বাবুল আলী আৰু চটশিলৰ মোবাৰক আলীৰ মৰাণজানা কামৰূপ ফুৱেলচ ফেক্টৰীৰ মালিকৰ গাফিলতিৰ বাবে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
অঞ্চলটোৰ প্ৰদূষণ সৃষ্টি কৰা তথা শ্ৰমিক আৰু ৰাইজৰ জীৱনক লৈ হেতালি খেলা উদ্যোগসমূহ বন্ধ কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় ৰাইজে উত্তাল পৰিস্থিতৰ সৃষ্টি কৰে। আনহাতে মৃত্যুৰ পিছৰে পৰা ৰঙিয়াৰ মহকুমাৰ অন্তৰ্গত মৰাণজানাৰ কামৰূপ ফুৱেলচ নামৰ উদ্যোগত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে কৰ্মচাৰীসকলে। পুৰণি টায়াৰৰ পৰা ইন্ধন প্ৰস্তুত কৰা উদ্যোগটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে কৰ্মচাৰীসকলে।
উদ্যোগটোৰ কৰ্তৃপক্ষই কৰ্মচাৰীসকলক কোনোধৰণৰ উপযুক্ত সুৰক্ষাৰ ব্যৱস্থা নকৰাকৈয়ে অতি বিপজ্জনকভাৱে কাম কৰিবলৈ দিয়াৰো অভিযোগ উত্থাপিত হৈছে। ইয়াৰ উপৰিও উদ্যোগটোৰ বাবে সমগ্ৰ অঞ্চটোত ভয়াবহ প্ৰদূষণৰ সৃষ্টি হোৱাত অঞ্চলটোত ৰাইজে বিভিন্ন বেমাৰ-আজাৰত আক্ৰান্ত হৈ অহাৰ অভিযোগ উত্থাপন কৰে৷ উদ্যোগটোৰ এনে কাণ্ডৰ বিৰুদ্ধে ক্ষোভিত লোকে শীঘ্ৰে ব্যৱস্থা লবলৈ ৰাইজে প্ৰশাসনক দাবী জনায়।
শ্ৰমিকৰ পৰিয়ালক ২০ লাখকৈ টকা, পৰিয়ালক কৰ্ম সংস্থাপন, বিপদাপন্ন উদ্যোগ সমূহ বন্ধ কৰাৰ দাবীত প্ৰায় ২ ঘণ্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। ফলত ঘাইপথত যান জোঁটৰ সৃষ্টি হয়। ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে, মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগু, মহকুমা নিৰ্বাচনী বিষয়া ৰিপণ জ্যোতি নাথ, ৰঙিয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰমানন্দ কলিতাকে ধৰি অসংখ্য নিৰাপত্তাৰক্ষী উপস্থিত হৈ আলোচনা কৰাত হে অৱৰোধ কাৰ্যসূচী বাতিল কৰে ৰাইজে।