ৰঙিয়াঃ সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ২০১৬ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যহত থকাৰ সময়তে ৰঙিয়াতো মঙলবাৰে বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। 

আজি পুৱাৰ আছু, যুৱ ছাত্ৰ পৰিষদ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, চি পি আই এম ,অ গ প, ছাত্ৰ মুক্তি, আক্ৰাছু আদি সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী ছাত্ৰ সন্থা আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৃহৎ সংখ্যাক সদস্যই ৰঙিয়াৰ মাজেৰে চলা কেইবাখনো ৰে’ল অৱৰোধ কৰে। 

ইয়াৰ সমান্তৰালভাৱে আছুৰ সদস্যসকলে ৰঙিয়াৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে। যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ গাড়ী-মটৰ বন্ধ হৈ পৰে।

ইফালে অসম বন্ধৰ সময়ছোৱাত ৰঙিয়াৰ সকলো দোকান-পোহৰ বন্ধ থাকে। ৰঙিয়াৰ চৰকাৰী কাৰ্যালয়সমূহতো উপস্থিতি সংখ্যা সেৰেঙা হোৱা দেখা যায়।

আনহাতে চি পি আই এমৰ বৃহৎ সংখ্যাক প্ৰতবাদকাৰীক ৰঙিয়া আৰক্ষীয়ে আটক কৰে।