ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৰ বালাগাঁৱত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্র বেগী বলেৰ’ পিক আপ ভানে এজন পথচাৰিক খুন্দা মৰাৰ ফলত গুৰুতৰ বাৱে আহত হয়৷

বুধবাৰে AS-14-B-6896 নম্বৰৰ বলেৰ’ পিক আপ ভান খনৰ খুন্দাত আহত অচিনাক্ত লোকজনক ৰঙিয়া সামূহিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।

নলবাৰীৰ দিশৰ পৰা কল কঢ়িয়াই বলেৰ’ খনে পথচাৰি জনক খুন্দা মাৰি পথৰ দাতিত বাগৰি পৰে। ৰঙিয়াৰ চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন যুক্ত হোৱাৰ পিছৰে পৰা ৰঙিয়াৰ বালাগাঁৱত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

যাৰ ফলত কেইবাজনো লোকে মৃত্যুক সাৱটি লব লগা হয়। প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷ স্থানীয় ৰাইজে প্ৰশাসনক বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও প্ৰশাসনে কেইটামান ড্ৰাম পথত বহুৱাই দুৰ্ঘটনা ৰোধৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷