ৰঙিয়াঃ ৰঙিয়া চহৰত ইৰাণী গ্ৰুপৰ সদস্যই বেংকৰ গ্ৰাহকৰ পৰা ধাৰাবাহিক ভাৱে ধন কাঢ়ি নিয়া ঘটনা অব্যাহত ৰখাৰ সময়তে পুনৰ ৰাইজে আটক কৰে দুজনকৈ ইৰাণী গ্ৰুপৰ সদস্যক। জানিব পৰা মতে সোমবাৰে দিনৰ ভাগত ভাৰতীয়া ষ্টেট বেংক ১ নং শাখাৰ সন্মুখত দুজন সন্ধেহজনক যুৱক ঘূৰি ফুৰা ব্যৱসায় সকলে প্ৰত্যক্ষ কৰে। লগে লগে কেইজনমান ব্যৱসায়ী যুৱকে ব্যক্তি দুজনক সোধ পোচ কৰাত দুয়োজন বহিঃৰাজ্যৰ বুলি অৱগত কৰে।

ফলত ব্যক্তি দুজনক আটক কৰি ৰঙিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দলটো আহি যুৱক দুজনক থানালৈ আনি সোধপোচ কৰে। আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে ধৃত ব্যক্তি দুজনৰ এজন নৌকাঘাট শিলিগুৰিৰ ৰবি যাদৱ (৩২) আৰু আনজন বৰেলী উত্তৰ প্ৰদেশৰ যোগীনাওঢা গাঁওৰ দীপক শৰ্মা।

আনহাতে দুই ব্যক্তিৰ বেগৰ পৰা চুৰি কাৰ্য্যত ব্যৱহাৰ কৰিব পৰা তিনিটা লোহাৰৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, এমাহ পুৰ্বে আন কেইজনমান ব্যৱসায়ীয়ে আন দুজন বহিঃৰাজ্যৰ ইৰাণী গ্ৰুপৰ সদ্যক আটক কৰি আৰক্ষীক গতাই দিছিল।