04
Apr
2019

ৰঙিয়াঃ ফুটগধূলিতে ৰঙিয়াৰ তৰণিত দুৰ্বৃত্তৰ তাণ্ডৱ
দুটা পৰিয়ালত লুটপাত চলালে দুৰ্বৃত্তৰ দলে।
তলা ভাঙি লুটি নিলে নগদ ধন-সোণ, আ-অলংকাৰ।
তৰণিৰ মহাদেৱ দাস আৰু মানসি কলিতাৰ বাসগৃহ লণ্ডভণ্ড কৰি লুটপাত চলাই উধাও দুৰ্বৃত্তৰ দল।
পৰিয়ালৰ লোককেইজন বজাৰ কৰিবলৈ ওলাই যোৱাৰ পাছতে ঘটিল এই ঘটনা।
সোণৰ অলংকাৰৰ উপৰি সাঁচতিয়া ধনো লুটিলে পৰিয়াল দুটাৰ।
ঘটনা সন্দৰ্ভত তদন্তৰ বাবে উপস্থিত হৈছে আৰক্ষীৰ দল।
কিন্ত এইমূহূৰ্তলৈকে সন্ধান লাভ কৰা নাই এই ঘটনাত জড়িত দলটোৰ।