ৰঙিয়াঃ কামৰূপ জিলাৰ বাণিজ্যিক চহৰ ৰঙিয়াত দুৰ্বৃত্তই এটাৰ পিছত সংঘটিত কৰি গৈছে আন এটা অনৈতিক কাণ্ড৷ মাথো কিছুদিন পূৰ্বে এগৰাকী ব্যৱসায়ীক লুটি নিয়াৰ পিছতেই বৃহস্পতিবাৰে নিশা ৰঙিয়া চহৰৰ মাজ মজিয়াৰ পৰা এটা নামঘৰ লুটি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

সেনা-অৰ্ধসামৰিক বাহিনী, আৰক্ষী গিজগিজাই থকা ব্যস্ত চহৰ খনত এনেদৰে চুৰি, ডকাইতিৰ ঘটনা সংঘটিত হৈ অহাত জীৱন-সম্পত্তিৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে ৰাইজ৷ জানিব পৰা মতে, ৰঙিয়া চহৰৰ মাজ মজিয়াৰ ৰঙিয়া তিনিআলি দৈনিক বজাৰৰ ঐতিহ্যমণ্ডিত নামঘৰটো চোৰে লুটি নিয়ে৷

দান পাত্ৰ ভাঙি চোৰে নগদ কেইবাহাজাৰ টকা নিয়া বুলি জানিব পৰা গৈছে। যোৱা এবছৰে ভক্তই দিয়া টকা জমা হৈ আছিল দান পাত্ৰটোত। ইতিমধ্যে ঘটনাক গুৰুত্ব সহকাৰে লৈ ৰঙিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷