ৰঙিয়াঃ ৰঙিয়া মৰাণজানাৰ কামৰূপ ফুৱেলকে ধৰি প্ৰদূষণ বিয়পোৱা, কৰ্মৰত শ্ৰমিকৰ সুৰক্ষা ব্যৱস্থাৰ হিত ফেক্টৰী সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে বিভিন্ন দাবী উত্থাপন কৰি আজি উত্তৰ কামৰূপ কৃষিভূমি আৰু পৰিবেশ সমিতিয়ে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

 

প্ৰদূষণ আইনকে ধৰি উদ্যোগ আৰু শ্ৰম তথা পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা সংক্ৰান্তীয় আইন উলংঘনৰ অভিযোগ তুলি কৃষিভূমি আৰু পৰিবেশ সমিতিয়ে প্ৰায় এঘন্টা সময় প্ৰতিবাদ কৰাৰ পিচত প্ৰতিবাদস্থলীত দণ্ডাধীশ উপস্থিত হোৱাত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সমিতিয়ে । ইফালে  কামৰূপ ফুৱেল নামৰ মৰাণজানাৰ উদ্যোগটোৰ বিধিবৰ্হিভূতঃ কৰ্মকাণ্ড আৰু কৰ্মৰত বনুৱাৰ জীৱন সুৰক্ষাৰ প্ৰতি পোষণ কৰা আওকণীয়া মনোভাৱৰ কাৰণে যোৱা ১৫ ফেব্ৰুৱাৰীত সংঘটিত হোৱা ভয়ানক দুৰ্ঘটনাই বাবুল আলী আৰু মোবাৰক আলী নামৰ দুজন শ্ৰমিকে মৃত্যুক সাৱটি ল’ব লগা হৈছিল।

দুজনকৈ নিৰীহ বনুৱাৰ মৰ্মান্তিক মৃত্যুৰ বাবে জগৰীয়া কৰি উদ্যোগটিৰ বিৰুদ্ধে ক্ষুদ্ধ ৰাইজে যোৱা ২২ ফেব্ৰুৱাৰীত মৰাণজানাত আন এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কামৰূপ ফুৱেল নামৰ উদ্যোগটো বন্ধ কৰাৰ বাবে দাবী তুলিছিল যদিও  উদ্যোগটো আজিলৈকে বন্ধ নোহোৱাত পুনৰ অঞ্চলটোৰ ৰাইজে ক্ষুন্নহৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে।

প্ৰতিবাদকাৰী সকলে সাতদিনৰ ভিতৰত মৰাণজানাৰ আইআইডিচি উদ্যোগিক কেন্দ্ৰৰ প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ কে.ডি.আইৰণ আৰু ষ্টীল কো:লিমিটেড, এভিএম ফুৱেল প্ৰা:লিমিটেড গ্ৰীণ এএচি ব্লক কো:লিমিটেড নামৰ উদ্যোগ কেইটাৰ লগতে বাইহাটা অৱস্থিত অশোক ক্ৰেফট আৰু ইকোটেক পেপাৰ মিলটো বন্ধ কৰাৰ দাবী তোলে। গুৰুত্বপূৰ্ণ বিষয় এটা উল্লেখ কৰি কৃষিভূমি আৰু পৰিবেশ সমিতিয়ে জানিবলৈ দি কয় যে, ৰাজ্যচৰকাৰে থলুৱা ৰাইজক খেদি কোম্পানীৰাজ প্ৰতিষ্ঠাৰ বাবে প্ৰস্তাৱ কৰা উদ্যোগিক অঞ্চলৰ প্ৰস্তাৱ কাৰ্যকৰী কৰণৰ তৎপৰতা বন্ধ কৰিব লাগিব ।

আনহাতে উত্তৰ কামৰূপ কৃষিভূমি আৰু পৰিবেশ সংৰক্ষণ সমিতিৰ সভাপতি হৰেশ্বৰ বৰ্মন আৰু সম্পাদক মৃনাল শৰ্মা আৰু সমাজ কৰ্মী ভূৱনেশ্বৰ লহকৰে সংবাদ মাধ্যমক জানিবলা দি কয় যে আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ পিচতে ৰঙিয়াৰ মহকুমাধিপতি মুনীদ্ৰ বৰদলৈৰ লগত অনুষ্ঠিত হয় এক আলোচনা। উক্ত আলোচনাত মহকুমাধিপতি গৰাকীয়ে কালিলৈৰ ভিতৰতে কামৰূপ ফুৱেল নামৰ উদ্যোগটোৰ পৰা প্ৰতিবেদন বিচাৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।