
ৰঙিয়াঃ মৰমৰ স্কুল খনক চিৰবিদায় দি কান্দিছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে৷ পাঠদান কৰি থকাৰ সময়তে হঠাতে বিদ্যালয় খনৰ পৰা বিদায় ল’ব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে৷ যাৰ বাবে ইনাই-বিনাই কান্দিছে তেওঁলোকে৷ তেঁওলোকৰ পঢ়ি থকা স্কুলখন বন্ধ কৰি দিলে চৰকাৰে৷ এবাৰ ভাবক তাত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ অৱস্থা কি হ’ব৷ তেওঁলোকে ইনাই-বিনাই কন্দাৰ বাহিৰে তেওঁলোকৰ হাতত আন উপায় নাথাকিব৷ চৰকাৰ মহাৰাজৰ আদেশ পালন কৰিব লাগিব অন্যথাই আন পন্থা অৱলম্বন কৰি হ’লেও বন্ধ কৰিব স্কুল খন৷
মুঠৰ ওপৰত এখন স্কুল বন্ধ কৰ দিলে কেনেকুৱা পৰিৱেশ হ’ব পাৰে তাৰ কল্পনা কেৱল বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃয়েহে বুজি পায়৷ নিজ সন্তানে পঢ়ি থকা বিদ্যালয় খন হঠাৎ বন্ধ কৰি দিলে এটি পৰিয়ালৰ অৱস্থা কেনেকুৱা হ’ব পাৰে সেই কথা নিজৰ সন্তান পঢ়ি থকা পৰিয়ালৰ অভিভাৱকেহে বুজি পাব৷ আন কোনো লোকে লোকে সেই কথা উপলদ্ধি কৰিব নোৱাৰে৷ দেশৰ মুৰব্বীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক আমোলাই সেই কথা কেতিয়াও অনুভৱ কৰিব নোৱাৰে৷ কিয়নো দেশৰ বৰ বৰ মানুহৰ সন্তান নামি-দামি স্কুলত পঢ়ে৷ তেওঁলোকৰ সন্তানৰ ভৱিষ্যৎ সম্পূৰ্ণ সুৰক্ষিত৷ কোনো ধৰণৰ চিন্তা কৰিব লগা নাথাকে তেওঁলোকে সন্তানৰ বাবে৷
পাঠদান চলি থকাৰ মাজতে ৰঙিয়াত এখন বিদ্যালয় বন্ধ কৰি দিয়াত হাহাকাৰ কৰিব লগা হৈছে৷ এতিয়া বহু লোকে মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰি ধিক্কাৰ দিয়ে শাসন ব্যৱস্থাক৷ কিশোৰ-কিশোৰী, শিক্ষক-শিক্ষয়িত্ৰীক দূৰ-দূৰণিলে নিবলৈ ওলােৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এক কথাত ক’বলৈ গ’লে লাহে লাহে এৰাবাৰীত পৰিণত হ’ব ধৰিছে ৰাজ্যৰ শিক্ষাখণ্ড৷ গুণোৎসৱৰ জৰিয়তে অসমৰ শাসকসকলে চৰকাৰী বিদ্যালয় সমূহৰ মানদণ্ড নিৰূপন কৰি থকাৰ সময়তে সমগ্ৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৱেই এৰাবাৰীত পৰিণত হ’ব নেকি তাক লৈ উত্থাপন হৈছে প্ৰশ্ন৷
অসমৰ বহু ঠাইত ৰাইজে গঢ়া বহুত বিদ্যালয়ৰ অকাল মৃত্যু হ’ব ধৰিছে। শিক্ষাত ব্যয় সংকোচন কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্ত তথা চৰকাৰী শিক্ষানুষ্ঠানক গুৰুত্ব নিদিয়াত বহু চৰকাৰী বিদ্যালয় মৃত্যু মূখত পৰে৷ ইয়াৰ মূলতে হ’ল ব্যক্তিগত বিদ্যালয় সমূহৰ আগ্ৰাসন৷ এই ব্যক্তিখণ্ডৰ বিদ্যালয়সমূহ বৰ্তমান চৰকাৰী বিদ্যালয়সমূহৰ বাবে হৈ পৰিছে মহামাৰীস্বৰূপ৷ ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলাৰ বাবে লাইচেন্স যিমানেই দিছে, সিমানেই মৃত্যমুখী যাত্ৰা আৰম্ভ হৈছে চৰকাৰী খণ্ডৰ বিদ্যালয়ে। চৰকাৰে গুণগত শিক্ষাৰ মানদণ্ড বৃদ্ধিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি থকাৰ মাজতে ৰাজ্যৰ কেইবাখনো চৰকাৰী খণ্ডৰ বিদ্যালয় এতিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। কাঠ ফুলাৰ দৰে গঢ় লৈ উঠা এনে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক চৰকাৰে লেগাম লগোৱাৰ বিপৰীতে অধিক উৎসাহিত হৈ লাইচেন্স প্ৰদানতহে ব্যস্ত চৰকাৰৰ শিক্ষা বিভাগ।
সমান্তৰালভাৱে অসমৰ ভাষা-সাহিত্যৰ অনুষ্ঠান 'অসম সাহিত্য সভা'ই চৰকাৰী বিদ্যালয়সমূহ ৰক্ষাৰ বাবে যিদৰে আনুষংগিক ব্যৱস্থা গ্রহণ কৰিব লাগিছিল, সেয়াও গ্ৰহণ কৰা নাই। আনপিনে সদৌ অসম ছাত্ৰ সন্থা নতুবা ৰাজ্যখনৰ জাতীয় সংগঠন সমূহৰ ভূমিকাই ৰহস্যৰ সৃষ্টি কৰিছে। এইবাৰ ৰঙিয়াৰ এখন বিদ্যালয় চৰকাৰে বন্ধ কৰি দিলে৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত সোমবাৰে পুৱাই কান্দোনৰ ৰোল উঠে। ছাত্ৰ-ছাত্ৰীৰ হিয়া ভগা কান্দোন শুনি ৰৈ থাকিব নোৱাৰিলে শিক্ষক-শিক্ষয়িত্ৰীয়ে৷ দেখিলে চকু সেমেকি উঠিব৷ কান্দোনত ভাগি পৰা ছাত্ৰ ছাত্ৰীসকলক সান্ত্বনা দিবলৈ বিদ্যালয়খনত স্থানীয় ৰাইজেও ভিৰ কৰে।
ৰঙিয়া চহৰৰ ৩ নং ৱাৰ্ডৰ বনগাৱঁৰ বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুলত পুৱা শৈক্ষিক কাৰ্যক্ৰমণিকাৰ পৰিৱৰ্তে এই দৃশ্য দেখা গ’ল৷ ইয়াৰ কাৰণ এটা চৰকাৰী নিৰ্দেশনা৷ চৰকাৰৰ শিক্ষা বিভাগৰ পৰা আহিছে এই নিৰ্দেশনাটো৷ উচ্চ শিক্ষা আয়ুক্ত তথা সচিবে জাৰি কৰা এই নিৰ্দেশনাযোগে ৰঙিয়াৰ পূৰণি এই বিদ্যালয়খন বন্ধ কৰিব বিচৰা হৈছে৷ চৰকাৰৰ যুক্তি হ’ল বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি তাকৰ৷ সেয়েহে বিদ্যালয়খন বন্ধ কৰি ৰঙিয়া নগৰৰ পৰা ৬ কিল’মিটাৰ আঁতৰৰ গুৰুকুছিৰ ৰঙিয়া বড়ো মাধ্যম বিদ্যালয়ৰ সৈতে চামিল কৰিব বিচাৰিছে চৰকাৰৰ শিক্ষা বিভাগে। মৰমৰ বিদ্যালয়খন চিৰদিনৰ বাবে বন্ধ হ’বলৈ ওলোৱাৰ মুহূৰ্তত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজ আজি দুখত ম্ৰিয়মান হৈ পৰে৷
সকলোৰে এটাই কথা-কোনো পৰিস্থিতিতে তেওঁলোকে বিদ্যালয়খন বন্ধ হ’বলৈ নিদিয়ে৷ ৰাইজে অতি কষ্টেৰে দান বৰঙণি সংগ্ৰহ কৰি এই বিদ্যালয়খন গঢ় দিছিল৷ প্ৰণিধানযোগ্য যে, বিদ্যালয়খনত ৰঙিয়াৰ দহৰা, বাঘবাৰী, বনগাঁও, দিগিৰপাৰকে ধৰি ভালেকেইখন বড়ো অধ্যুষিত গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে৷ এইবেলি নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ দুটা মাহ উকলিল। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নতুন পাঠ্যপুথিও বিতৰণ কৰা হল৷ বিগত বৰ্ষৰ শেষাৰ্ধত গুণোৎসৱো অনুষ্ঠিত হৈ গ’ল। এনে পৰিস্থিতিত চৰকাৰে হঠাতে বিদ্যালয়খন বন্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মূৰত সৰগ ভাগি পৰিছে৷
বিদ্যালয়খন বন্ধ কৰি ইয়াক যিখন বিদ্যালয়ৰ লগত চৰকাৰে চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেইখনলৈ ছাত্ৰ-ছাত্ৰীসকল যাবলৈ হ’লে তেওঁলোকে ৰঙিয়া চহৰ অতিক্ৰমি ৰেল জংচন হৈ ৬ কিল’মিটাৰ পথ বাটকুৰি বাই যাব লাগিব৷ যিটো শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট আহুকালপূৰ্ণ হ’ব বুলি অভিভাৱকসকলে মত প্ৰকাশ কৰিছে৷ এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে সেয়েহে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিদ্যালয়খনৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
স্থানীয় ৰাইজেও এই প্ৰতিবাদত চামিল হয়৷ চৰকাৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ৰাইজে বিদ্যালয়ৰ সন্মুখৰ ৰঙিয়া মহাবিদ্যালয় পথৰ ওপৰত বহি পৰে আৰু পথটো অৱৰোধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ পথ অৱৰোধ কাৰ্যসূচীত এবছুৰ নেতা কৰ্মীয়েও অংশগ্ৰহণ কৰে৷ সকলোৰে এটাই দাবী ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অনতিবিলম্বে বিদ্যালয়খন বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰিব লাগে৷