
আজাৰাঃ গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীত এটি এমহীয়া হাতী পোৱালি উদ্ধাৰ হোৱাৰ লগতে হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি হয়৷ ৰাণীৰ সমীপৰ পাটগাঁৱত একাংশ লোকে কণমানি হাতী পোৱালিটোক ৰাণী-একোলেণ্ড পথত অনাই-বনাই ঘুৰি ফুৰা প্ৰত্যক্ষ কৰে৷ আনহাতে ৰাণীৰ সজ্জ্বনপাৰা গাঁৱৰ অমৰ বড়ো নামৰ পচিশ বছৰীয়া এজন যুৱক হাতীৰ জাক খেদিবলৈ গৈ হাতীৰ আক্ৰমণত নিহত হয়৷
খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে মহানগৰীৰ সমীপৰ পশ্চিম গুৱাহাটীৰ বৃহত্তৰ ৰাণী অঞ্চলত দীৰ্ঘদিন ধৰি সোণালী ধাননি পথাৰত সন্ত্ৰাস চলাই আহিছে৷ কেৱল ধাননি পথাৰে নহয় খেতিয়কৰ ঘৰ ভঙাৰ লগতে কলগছ, ধান-চাউল, বহুতো সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰে। বৃহস্পতিবাৰে নিজৰ ধাননী পথাৰ বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ ৰাণীৰ সজ্জ্বনপাৰা গাঁৱৰ অমৰ বড়ো নামৰ ২৫ বছৰীয়া যুৱকে একাংশ ৰাইজৰ সৈতে মিলি হাতী খেদিবলৈ যায়৷
তেনে সময়তে জাকৰ মাজৰ পৰা ফালি কাটি অহা এটি পেৰকাণ্ড হাতীয়ে অমৰক পিছফালৰ পৰা আক্ৰমণ কৰে৷ হাতীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হোৱা অমৰ বড়োক স্থানীয় ৰাইজে আজাৰাস্থিত স্বাস্থ্য কেন্দ্ৰ লৈ নিয়ে৷ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও পথতে মৃত্যু হয় বড়োৰ। বিগত সময়ছোৱাত ৰাণীত বনৰীয়া হাতীৰ বিচৰনস্থলী সমুহত হাতীৰ আক্ৰমণত বহু নিৰীহ লোক আহত-নিহত হ’বলগীয়া হৈছে।
কিন্তু ইয়াৰ বিপৰীতে ৰাণী বনাঞ্চলিক কাৰ্যলয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়। আনফালে বুধবাৰে নিশা বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীৰ পোৱালি ৰাজপথৰ পৰা স্থানীয় পেপচীৰ ৰাইজে উদ্ধাৰ কৰি ৰাণী বন কাৰ্যালয়ক গতাই দিয়ে। দীৰ্ঘসময় হাতীৰ পোৱালিটোৱে ৰাণী-একোলেণ্ড পথত অনাই-বনাই ঘুৰি ফুৰা স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল। ১ মহীয়া হাতীৰ পোৱালিটোৱে খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ পৰা পথ হেৰুওৱা বুলি ৰাইজে সন্দেহ কৰে।