যোৰহাটঃ যোৰহাট জিলাৰ বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন খেলুৱৈই ৰঞ্জন বৰুৱাই মঙলবাৰে পুৱাই মৃত্যুক আকোৱালি লয়৷

জ্যেষ্ঠ নাগৰিক তথা যোৰহাট জিলা বেডমিণ্টনৰ আগশাৰীৰ খেলুৱৈই ৰঞ্জন বৰুৱাই দৰঙিচুকৰ নিজ ঘৰত পুৱতি নিশা মৃত্যুক আকোৱালি লয়৷

বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতে জড়িত বৰুৱাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷ ৭২ বছৰীয়া ৰঞ্জন বৰুৱাৰ পত্নী, এজন পুত্ৰ, বোৱাৰী, কন্যা, জোৱাইক ইহসংসাৰত এৰি থৈ যায়৷ বৰুৱাৰ মৃত্যুত দল-সংগঠনে শোক প্ৰকাশ কৰে৷