
নলবাৰীঃ ঘৰৰ পৰা ওলাই যোৱাৰ পৰত তেওঁ মাতৃক মাত এষাৰ দি ওলাই গৈছিল। ঘৰৰ পৰা গৈছিল ৰাস চাব যাম বুলি। কিন্তু ৰাস চাব যোৱা ১৩ বছৰীয়া যুৱক কিশোৰগৰাকীৰ যোৱা ১৩ দিনে সন্ধান নাই।
নলবাৰী জিলাৰ সমীপৱৰ্তী নাগ্রীজুলি আৰক্ষী চকীৰ অধীনৰ বগৰিখুটি গাঁৱৰ প্ৰফুল্ল চৰকাৰৰ পুত্ৰ ৰঞ্জিত চৰকাৰ যোৱা ১৩ দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাগ্রীজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰঞ্জিত চৰকাৰে ঘৰলৈ উভতি নহাত চকুলো টুকি দিন পাৰ কৰিছে পিতৃ-মাতৃয়ে।
৬ নৱেম্বৰৰ আবেলি ৰঞ্জিতে বগৰিখুটিৰ বালুখুন্দা নামৰ ঠাইলৈ ৰাস চাব যাম বুলি ঘৰৰ পৰা ওলাই গৈছিল আৰু সিদিনাৰ পৰাই ঘৰলৈ উভতি অহা নাই।
পৰিয়ালৰ লোকে বিভিন্ন ঠাইত কেইবাদিনো বিচাৰ খোচাৰ কৰিও ৰঞ্জিতৰ কোনো শুং সূত্ৰ উলিয়াব নোৱাৰি শুকুৰবাৰে নাগ্রীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পৰিয়ালে। তামুলপুৰ আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰি ছাত্ৰজনৰ নিৰুদ্দেশ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও ছাত্ৰজনৰ শুংসূত্ৰ উলিয়াব পৰা নাই।