গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ উত্তৰ চৌতাৰাত এটি ৯ বছৰীয়া শিশুক দুজন লোকে ধৰ্ষণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷

জোৰশিমুলী আৰক্ষী চকীৰ এলেকাৰ উত্তৰ চৌতাৰা গাৱৰ ৯ বছৰীয়া শিশুটিয়ে সোমবাৰে অকলশৰে কালাতলীৰ পৰা চৌতাৰাস্থিত নিজ ঘৰলৈ আহি থকা অৱস্থাত একে গাঁৱৰে গহেৰ আলী (৩৫) আৰু জামাল উদ্দিন (২৮) নামৰ লম্পট দুজনে বাটত লগ পায়।

শিশুটিক অকলশৰে লগ পায় দুয়ো লম্পটে ফুচুলাই এটি কোনো লোক নথকা ঘৰলৈ মাতি নিয়ে। ঘৰৰ ভিতৰ পোৱাৰ লগে লগে মুখত সোপা দি দুই পাষণ্ডই উপুৰ্যপৰি ধৰ্ষণ কৰি শিশুটোক অচেতন অৱস্থাত নিৰ্জন ঘৰটোত পেলাই থৈ আহে।

বহু পলমকৈ শিশুটিৰ কান্দোনৰ শব্দ শুনি স্থানীয় লোকে উদ্ধাৰ কৰি জোৰশিমুলী আৰক্ষীক খবৰ দিয়ে।জোৰশিমুলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিক থানালৈ লৈ আহে। পিছত শিশুটিৰ ভাষ্যৰ ভিত্তিত পৰিয়ালৰ লোকে জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

এজাহাৰৰ ভিত্তিত ছয়গাঁও আৰু জোৰশিমুলী আৰক্ষীয়ে ধৰ্ষণকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কৰায়ত্ত কৰিব পৰা নাই৷