
ডিজিটেল ডেস্কঃ এগৰাকী ২০ বৰ্ষীয় যুৱতীক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত স্থানীয় পঞ্চায়তে এক বিশেষ নিৰ্দেশ দিছিল। নিৰ্দেশটোত ধৰ্ষক যুৱকজনক উক্ত যুৱতীগৰাকীকে বিয়া কৰাবলৈ কোৱা হৈছিল।
পঞ্চায়তৰ এই নিৰ্দেশ মানি লৈ বিয়াৰ সকলো বন্দৱস্তি কৰে যদিও যুৱকজনে এক আজৱ চৰ্ত আৰোপ কৰে। চৰ্ত আৰোপ কৰি যুৱকজনে ধৰ্ষিতা যুৱতীগৰাকীৰ পৰিয়ালৰ পৰা ৫ লাখ টকা বিচাৰে। কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে সেয়া দিবলৈ অস্বীকাৰ কৰাত বিয়া ভাঙি দিয়ে ধৰ্ষকজনে।
কাণপুৰৰ বান্দা জিলাত যোৱা ২০ মে’ত সংঘটিত হৈছে এই ঘটনা। দেওবাৰে যুৱতীগৰাকীৰ পৰিয়ালে ধৰ্ষক যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সমগ্ৰ ঘটনা সংবাদ মাধ্যমক অৱগত কৰে। জানিব পৰা মতে, ২২ মাৰ্চত বিছান্দা অঞ্চলৰ বাসিন্দা ২৫ বৰ্ষীয় তাজ নামৰ যুৱক এজনে যুৱতীগৰাকীক ধৰ্ষণ কৰিছিল।
কোনো আত্মীয়ক বিচাৰি তাজৰ ঘৰলৈ যোৱাৰ সময়তে এটি কোঠাত বলপূৰ্বক টানি নি ধৰ্ষণ কো হয় যুৱতীগৰাকীক। যুৱকজনৰ পৰিয়ালৰ হেঁচাত সেইদিনা আৰক্ষীৰ কাষ চপাৰ পৰা বিৰত থাকি বিষয়টো পঞ্চায়তত উত্থাপন কৰা হয়। পঞ্চায়তে নিৰ্দেশ দিয়ে যে ধৰ্ষক তাজে সেই যুৱতীগৰাকীকে বিয়া কৰাব লাগিব।
এই অনুযায়ী বিয়াৰ সকলো যা-যোগাৰ কৰিছিল যুৱতীগৰাকীৰ পৰিয়ালে। কিন্তু বিয়াৰ দুদিন পূৰ্বে ৫ লাখ টকাৰ পণ দাবী কৰে ধৰ্ষক তাজে। যুৱতীগৰাকীৰ পৰিয়ালে সেয়া দিবলৈ অমান্তি হোৱাত তাজে বিয়া কৰাব নোৱাৰিব বুলি ঘোষণা কৰে।
ফলত স্থানীয় পঞ্চায়তে মধ্যস্থতা কৰিও দুয়োটা পৰিয়ালক কোনো সমাধান সূত্ৰ দিবলৈ সক্ষম নহ’ল। উপায়ন্তৰ হৈ যোৱা দেওবাৰে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয় ভুক্তভোগী যুৱতীগৰাকীৰ পিতৃ-মাতৃৃ।