কামপুৰঃ ৰাজ্যত নিজৰ আত্মীয়ৰ ঘৰতো সুৰক্ষিত নহয় নাৰী। তাকেই প্ৰমাণিত কৰি যমুনামুখ আৰু  বৈথালাংছ'ৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই পুনৰ সংঘটিত হৈছে আন এক পাশৱিক ঘটনা।

এইবাৰ ঘটনাৰ স্থান নগাঁও জিলাৰ কচুৱাৰ ৯ নং খেৰণি। নিজৰ আত্মীয়ৰ হাততে যৌন নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে গাঁৱখনৰ এটি ১২ বছৰীয়া শিশু।

জানিব পৰা মতে, কচুৱা খেৰণিৰ শিশুটিক একে গাঁৱৰে অতুল শইকীয়া নামৰ লোকজনে ঘৰত ভাত ৰান্ধিবলৈ নি উপৰ্যুপৰি ধৰ্ষণ কৰে। সম্পৰ্কত অতুল শইকীয়া নামৰ লম্পট লোকজন হৈছে শিশুটিৰ পেহাক।

পেহাকে কেৱল ধৰ্ষণ কৰাই নহয়, ঘটনা সন্দৰ্ভত কাৰোবাক অৱগত কৰিলে হত্যাৰো ভাবুকি দিছিল বুলি কান্দি কান্দি মাতৃক অৱগত কৰিছে শিশুটিয়ে। 

সমগ্ৰ ঘটনা পোহৰলৈ অহাত পৰিয়ালৰ লোকে লম্পট অতুল শইকীয়াৰ বিৰুদ্ধে কচুৱা আৰক্ষী থানাত গোচৰ ৰুজু কৰে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও তাৰ পূৰ্বেই গাঁও এৰি পলায়ন কৰে ধৰ্ষণকাৰী লোকজন।

ইফালে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচী দিবলৈ দাবী তুলি শতাধিক পুৰুষ-মহিলাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে। ধাৰাবাহিক এনে ঘটনাৰ পিছত কি কাৰণত সমগ্ৰ ৰাজ্যত এনেদৰে ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে সেয়া ভাবি উদ্বিগ্ন হৈ পৰিছে সচেতন মহল।