
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ শাসকীয় দল বিজেপিৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাগৰাকীৰ পিতৃৰ আৰক্ষীৰ জিম্মাত মৃত্যু হয়৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উত্তৰ প্ৰদেশৰ বিজেপিৰ বিধায়ক কুলদীপ সিঙ চেংগৰে সহযোগীৰ সৈতে লগলাগি গণ ধৰ্ষণ আৰু শোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল মহিলাগৰাকীয়ে। বিধায়কগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালে দেওবাৰে অৰ্থাৎ ০৮ মাৰ্চত লক্ষ্নোস্থিত মুখ্যমন্ত্ৰীৰ আৱাসৰ বাহিৰত আত্মহত্যা কৰাৰ চেষ্টা কৰাত আৰক্ষীয়ে মহিলাগৰাকী সহ পৰিয়ালটোৰ লোকসকলক আটক কৰে৷
পৰিয়ালটোক আৰক্ষীৰ জিম্মাত থানাত ৰাখিছিল যদিও মহিলাগৰাকীৰ পিতৃৰ আৰক্ষীৰ জিম্মাতে মৃত্যু হয়৷ জানিব পৰা মতে, নিশা তীব্ৰ পেটৰ বিষ আৰু বমি কৰিবলৈ আৰম্ভ কৰে মহিলাৰ পিতৃৰ৷ তাৰ পিছতেই তেওঁক লক্ষ্নোৰ জিলা হস্পিতালত ভৰ্তি কৰে যদিও পুৱা মৃত্যু হয়৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিধায়কৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই উত্তৰ প্ৰদেশৰ ৰাজনীতিত কঁপনি উঠিছিল।
বিধায়কগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালে দেওবাৰে অৰ্থাৎ ০৮ মাৰ্চত লক্ষ্নোস্থিত মুখ্যমন্ত্ৰীৰ আৱাসৰ বাহিৰত আত্মহত্যা কৰাৰ চেষ্টা কৰে। মহিলাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰি বিধায়ক আৰু তেওঁৰ সহযোগীয়ে লগলাগি মহিলাক গণ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে। এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পৰিয়ালৰ লোকসকলে আত্মহত্যা কৰাৰ চেষ্টা কৰে মুখ্যমন্ত্ৰীৰ আৱাসৰ বাহিৰত।
মহিলাই সংবাদ মাধ্যমৰ সন্মুখত কয় ‘‘মোৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। মই যোৱা এটা বছৰে মৰি মৰি জীয়াই আছো। মোৰ কথা শুনাৰ কাৰোৰে আহৰি নাই। যদি সকলো অভিযুক্তক আটক কৰা নহয় তেন্তে মই আত্মহত্যা কৰিম। মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিলো। আমি যেতিয়া এজাহাৰ দাখিল কৰিছিলো আমাক ধমকি দিয়া হৈছিল।’’
ঘটনা পোহৰলৈ অহাৰ পিছত লক্ষ্নোৰ এডিজিয়ে কয় ‘‘তেওঁ অভিযোগ উত্থাপন কৰি ধৰ্ষণ কৰা বুলি কৈছে৷ অভিযোগ দাখিল কৰাৰ পাছতো তদন্ত কৰা হোৱা নাই৷ তেওঁক মাৰধৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে৷’’ দুয়ো পক্ষৰ মাজত ১০-১২ বছৰ ধৰি কোনো বিষয়ক লৈ মতভেদ চলি আহিছে৷ ঘটনাৰ গোচৰ লক্ষ্নৌলৈ প্ৰেৰণ কৰা হৈছে বুলিও কয় এডিজিয়ে৷