মুছলপুৰ/নলবাৰী/সোণাৰিঃ যোৱা ২৪ ঘণ্টাৰ ভিতৰতে ৰাজ্যত কেইবাটাও যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে৷ বিটিএডিৰ বাক্সা জিলাৰ নিকাছীত সোমবাৰে এগৰাকী কিশোৰীক ৰাজ পথৰ দাতিত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয় এগৰাকী গাড়ীৰ হেণ্ডিমেনৰ বিৰুদ্ধে৷ 

জানিব পৰা মতে, নিকাছীৰ এটি দৰিদ্ৰ পৰিয়ালৰ ১৪ বছৰীয়া কিশোৰীয়ে পৰিয়ালৰ লোকৰ কথা মতে চাইকেলেৰ সমীপৰ দোকানৰ পৰা সামগ্ৰী আনিবলৈ যায়৷ কিশোৰীগৰাকীয়ে পৰিয়ালৰ কথা মতে দিনৰ ভাগত দোকানৰ পৰা সামগ্ৰী আনিবলৈ যাোৱাৰ সময়তে আদবাটত একে গাঁৱৰে ধনজিত তালুকদাৰ নামৰ লোকজনক লগ পায়৷ 

তেনে সময়তে গ্ৰাম্য পথত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি ধনজিতে কিশোৰীক ৰখাই চাইকেলৰ তলা লগাই চাবি হাতত লৈ কিশোৰীগৰাকীক জংঘলৰ মাজলৈ নি ধৰ্ষণৰ চেষ্টা চলাই৷ কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত পথচাৰীয়ে আহি ৰক্ষা কৰে কিশোৰীক৷ আনহাতে ধনজিতে তাৰ পৰা পলায়ন কৰে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ 

বিহুৰ আনন্দৰ উলাবৰ মাজতে উজনিৰ চৰাইদেউ জিলাৰ সোণাৰিৰ লখুৰাখনত এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলাই৷ ২ জন লোকে ধৰ্ষণৰ চেষ্টা চলাই যদিও 
ৰাইজে ধৰি অভিযুক্ত গণ প্ৰহাৰ কৰে৷ আজিজুৰ হক নামৰ অভিযুক্ত জনক আৰক্ষীক গতাই ৰাইজে৷

আনহাতে নলবাৰী জিলাত যোৱা ১৪ এপ্ৰিলত বাহঁজানীৰ চান্দকুছিত সংঘটিত হৈছে জঘন্য কাণ্ড৷ সম্পৰ্কত মহাকে ঘৰত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি আলটাফ আলী নামৰ এজন লোকে ৭ হছৰীয়া কন্যাক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয়৷ নলবাৰী সদৰ থানাৰ অন্তৰ্গত বাহঁজানীৰ চান্দকুছিত ঘৰ আলটাফ আলীৰ।