প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ চিকাৰ জিলাৰ অজিতগড়ৰ এগৰাকী ছাত্ৰীক বিগত কেবাদিন ধৰি নিজ স্কুলৰ শিক্ষকে ধৰ্ষণ কৰাৰ ফলত ছাত্ৰীগৰাকী অন্তঃসত্বা হোৱাৰ ঘটনাই সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷ চিকাৰ জিলাৰ জনতা বাল নিকেতনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকীক শিক্ষক জগত সিঙে বিগত কেবাদিন ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰে৷

ছাত্ৰীগৰাকী গৰ্ভৱতী হোৱা বুলি অৱগত হোৱাত ভণ্ড শিক্ষক অজিতে গৰ্ভপাত কৰোৱাৰ বাবে জোৰ কৰি ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়৷ দুজন লোকৰ হতুৱাই চিকিৎসালয়লৈ নি গৰ্ভপাত কৰোৱাই ছাত্ৰীগৰাকীক নিজ ঘৰত থৈ আহে৷ ঘৰত থৈ অহাৰ পিছৰে পৰা ছাত্ৰীগৰাকীৰ ৰক্তক্ষৰণ হ’ব ধৰে৷

সংকটজনক অৱস্থাত পৰিয়ালে জয়পুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱাত চিকিৎসকে গৰ্ভপাতৰ বাবে ৰক্তক্ষৰণ হোৱা বুলি কয়৷ ভয়, শংকাৰ মূৰকত পৰিয়ালক সকলো কথা কোৱাত পৰিয়ালে শিক্ষকসহ দুজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ শিক্ষকসহ দুয়োজন লোক পলাতক বুলি জানিব পৰা গৈছে৷