কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি থানাৰ অন্তৰ্গত পাটগাঁওৰ বাংলাঝোৰা গাঁৱত কালি নিশা এগৰাকী নাৱালিকাক বলাৎকাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । শ্ৰমিক পৰিয়ালৰ কন্যা তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে কালি সন্ধিয়া ৭ মান বজাত গাঁওতে থকা আইতাকৰ ঘৰলৈ যাওঁতেই মিস্ত্ৰী ছহিদুল আলিয়ে অসহায়  নাৱালিকা গৰাকীক মুখত সোপা দি কাষৰ সমবায় সমিতিৰ লগতে থকা মিস্ত্ৰীৰ কেম্পলৈ  লৈ যায় আৰু আন দুই সতীৰ্থৰ সহযোগত উপৰ্যুপৰি ধৰ্ষণ কৰে।

নাৱালিকাগৰাকীক মুখত সোপা দি, হাতে ভৰিয়ে বান্ধি লৈ নৰপিশাচকেইটাই ধৰ্ষণ কৰে। ঘটনাৰ মূল অভিযুক্ত ছহিদুল হকে নাৱালিকাগৰাকীক হাতে-ভৰিয়ে বান্ধি লৈ মোবাইল ফোনযোগে আন দুজন সতীৰ্থ ক্ৰমে শুকুৰ আলী আৰু আতোৱাৰ আলীক ঘটনাস্থলীলৈ মাতি আনে আৰু তিনিওজনে নাবালিকাগৰাকীক ধৰ্ষণ কৰি অচেতন অৱস্থাত পেলাই থৈ যায়।  

আনহাতে  বহু সময় ধৰি নাৱালিকাগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচৰ আৰম্ভ কৰে আৰু অৱশেষত  সমবায় সমিতিৰ প্ৰায় লগতে থকা মিস্ত্ৰীৰ অস্থায়ী কেম্পৰ পৰা নাৱালিকাগৰাকীক উলংগ আৰু অচেতন অৱস্থাত উদ্ধাৰ কৰে । ধৰ্ষিতা নাৱালিকাগৰাকীয়ে চেতন ঘূৰাই পোৱাৰ পিছত ধৰ্ষণকাৰীক চিনি পোৱাৰ কথা সদৰি কৰি সমস্ত ঘটনা পৰিয়ালৰ আগত বিবৰি কয় আৰু আজি ধৰ্ষিতাৰ পিতৃয়ে পাটগাঁও আৰক্ষী চকীত ঘটনাৰ বিস্তাৰিত বিবৰণসহ এক এজাহাৰ দাখিল কৰিছে।

এজাহাৰত ধৰ্ষণকাৰী তিনিটাক ধুবুৰী জিলাৰ তামাৰহাটৰ হাতিধুৰাৰ ক্ৰমে ছহিদুল হক, শুকুৰ আলি আৰু আতোৱাৰ আলি বুলি এজাহাৰকাৰীয়ে উল্লেখ কৰিছে। দলবদ্ধ ধৰ্ষণৰ উক্ত ঘটনাই পাটগাঁও অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী উত্থাপিত হৈছে।

আৰক্ষীয়ে ইতিমধ্যে ধৰ্ষণকাৰী পাষণ্ড তিনিটাক কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰু  ধৰ্ষণত অভিযুক্ত শুকুৰ আলিক আটক কৰিবলৈ সক্ষম হৈছে। ঘটনা সংক্ৰান্ত আক্ৰাছুৰ জিলা মহিলা সমিতিৰ সম্পাদিকা ৰুপেশ্বৰী ৰায়ে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰাৰ লগতে ধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে। অন্যথাই ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।