
নলবাৰীঃ অহা ৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৮৪ সংখ্যক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰি অহা গ্ৰন্থ মেলা খন ৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। উক্ত গ্ৰন্থ মেলাত মুকলি মঞ্চত কবিতা আবৃত্তি, ভেশচন, কুইজ, স্মৃতি শক্তি, আকস্মিক বক্তৃতা, তৰ্ক, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে কবি সন্মিলন, গ্ৰন্থ উন্মোচনী সভা, দিহা নাম, থিয় নাম, জেষ্ঠ নাগৰিকৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব।
তদুপৰি গ্ৰন্থ মেলাত শিক্ষকৰ এঘন্টা, সাংবাদিকৰ এঘন্টা, ৰাজনীতিকৰ এঘন্টা, চিকিৎসকৰ এঘন্টা, অধিবক্তাৰ এঘন্টা, অভিযন্তাৰ এঘন্টা আৰু আৰক্ষীৰ এঘন্টা বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।
অনুষ্ঠানত হৰিমন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক নগেন ডেকা, ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক অশোক কুমাৰ শৰ্মা, সাধাৰণ সম্পাদকদ্বয় মনোজ কুমাৰ চৌধুৰী, পংকজ বৰ্মন, গ্ৰন্থ মেলাৰ তত্বাৱধায়ক সুভাষ দেৱনাথ, আহ্বায়ক দিলজিৎ বৰ্মন, সদস্য ধনেশ্বৰ ডেকা, প্ৰণৱ শৰ্মা, ভবেশ ভট্টাচাৰ্য, ৰিজুমণি হালৈয়ে সৰ্বস্তৰৰ বৌদ্ধিক তথা সচেতন ৰাইজৰ সহযোগ কামনা কৰিছে।