পাথৰিঘাটঃ উজনি-নামনিৰ বিভিন্ন প্ৰান্তত যোৱা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎলৱ৷ ইতিমধ্যে ৰাজ্যৰ ৰাস মহোৎসৱ সমূহৰ প্ৰাংগনত ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে৷  দৰং জিলাৰ ছিপাঝাৰতো ব্যাপক উলাহ-মালহেৰে ২৯ সংখ্যক ৰাস মহোৎসৱ শনিবাৰৰ পৰা আৰম্ভ হৈছে৷

৮ নৱেম্বৰলৈ পাচঁদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ছিপাঝাৰৰ ৰাস। ৪ নৱেম্বৰৰ পুৱা ধৰ্মধ্বজ্জা উত্তোলন, স্বচ্ছতা অভিযান, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণৰ লগতে বিয়লি ৩ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে ছিপাঝাৰ সমষ্টি উন্নয়ন আৰু পৰিকল্পনা সমিতিৰ সভাপতি চন্দ্ৰকান্ত নাথে। সন্ধিয়া ৰাস মহোৎসৱৰ মুখ্যদ্ধাৰ উন্মোচন কৰে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই৷ ৰাসোৎসৱৰ সৈতে সংগতি ৰাখি ৰাসস্থলীত অনুষ্ঠিত হয় তৃতীয় বাৰ্ষিক ছিপাঝাৰ গ্ৰন্থ উৎসৱ৷