
গুৱাহাটীঃ অসমৰ মাটি নাগালিমত অন্তৰ্ভুক্ত হলে সেই মাটিত অসমৰ কোনো অধিকাৰ নাথাকিব আৰু সেই নাগালিমতে কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচাৰিছে বুলি আমাৰ সন্দেহ হয়৷ কিয়নো কেন্দ্ৰীয় ৰাজ্য চৰকাৰে আজিলে নগা ফ্ৰেমৱৰ্ক চুক্তিখন ৰাজহুৱা নকৰিলে৷
এই গুৰুতৰ অভিযোগ ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ অসম প্ৰদেশ সমিতিৰ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত সংগঠনটোৰ সভাপতি ৰাজীৱ কাকতিয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে৷ সংবাদ মেলত নেতাগৰাকীয় যদি সঁচাকৈ হিন্দু বাংলাদেশীক সংস্থাপন কৰিবলৈ চৰকাৰে এনে ষড়যন্ত্ৰ ৰচনা কৰিছে তেতিয়া ৰাষ্ট্ৰীয় যুৱ মৰ্চাই অসম, মণিপুৰ, অৰুণাচলৰ সদস্যসকলৰ সৈতে লগ হৈ প্ৰতিবাদ সাব্যস্ত্ কৰিবলৈ বাধ্য হম বুলি কয়৷
অসমৰ ভৌগালিক অখণ্ডতাক বিসৰ্জন দি বৃহত্তৰ নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্ত কৰিব খোজা কাৰ্যৰ বাবে চৰকাৰক তীব্ৰ ধিক্কাৰ দিয়ে সংগঠনটোৱে৷ জাতি-মাটি-ভেটিৰ ৰক্ষাৰ কথা মুখস্থ ৰখা চৰকাৰখনে অসমৰ মাটি নাগালেণ্ডক দি পুনৰবাৰ দিল্লী লবীৰ তলতীয়া হৈ থকা বুলি প্ৰমাণ কৰে বুলি কয়৷ অসমৰ সকলো জাতীয় দল-সংগঠনে বৃহত্তৰ নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্ত হোৱা কথাটোক লৈ বিক্ষোভ আৰু প্ৰতিবাদ কৰাৰ পিছতো শুই থকা অসম চৰকাৰৰ গা-নলৰিল বুলি কয় ৰাষ্ট্ৰীয় যুৱ মৰ্চাই৷
আনকি গেৰুৱা দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্ত হ’ব বুলি স্বীকাৰ কৰাৰ পিছতো অসম চৰকাৰে পুতৌ জনকভাবে বিষয়টো সন্দৰ্ভত মৌনব্ৰত ধাৰণ কৰিছে৷ অসমবাসীক বিশ্বাঘাটকতা কৰা চৰকাৰখনে নাগালিম সন্দৰ্ভতো একো ব্যৱস্থা নললে ৰাষ্ট্ৰীয় যুৱ মৰ্চাই অসম প্ৰদেশ সমিতি আৰু মণিপুৰ, অৰুণাচল সমিতিয়ে নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ আৰু নাগালেণ্ড অভিমুখী সকলোবোৰ বেচৰকাৰি যাতায়ত চাৰিওফালৰ পৰা বন্ধ কৰি দিয়া বুলি সংবাদমেলত স্পষ্ট কৰে সংগঠনটোৱে৷
অসমৰ ভৌগালিক অখণ্ডতা ৰক্ষা কৰিব নোৱাৰা অসম চৰকাৰৰ শাসনত থকাৰ নৈতিক অধিকাৰ নাই৷ আনহাতে অসমৰ ২৫ লাখ শিক্ষিত নিবনুৱা সংস্থাপনৰ বিষয়টোক নিৰ্বাচনী ইচ্ছ্যু হিচাপে লৈ মিত্ৰ জোঁটৰ চৰকাৰ খনে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাছত এতিয়া নিবনুৱাসকলৰ মুখলৈ চোৱা বাদ দিলে বুলি চৰকাৰক কটাক্ষ্ষ কৰে সংগঠনটোৱে৷
সংস্থাপন দিয়াৰ দূৰৰ কথা, আজিলৈ চৰকাৰ গঠন হোৱা ১৯ মাহ পাৰ হব’ৰ হ’ল যদিও বিজেপি চৰকাৰে অসমৰ কিমান শতাংশ নিবনুৱাক সংস্থাপন দিলে সেয়াও ৰাজহুৱা কৰিবলৈ ৰাষ্ট্ৰীয় যুৱ মৰ্চাই দাবী জনায়৷ নিৰ্বাচনৰ পূৰ্বে নিবনুৱাৰ ভূতে লম্ভা বিজেপি চৰকাৰৰ প্ৰতিশ্ৰতি আজি কত গ’ল বুলিও প্ৰশ্ন কৰে চৰকাৰক৷