ডিব্ৰুগড়ঃ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ডিব্ৰুগড় আৰক্ষীয়ে ৩০ ঘন্টাৰ মূৰকত আদালতত হাজিৰ কৰাই অখিল গগৈক৷ আৰক্ষীয়ে অখিল গগৈক তদন্তৰ খাতিৰত ৪ দিনৰ বাবে নিজৰ জিম্মাত লয়৷ অখিলৰ গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে৷ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰাৰ পাছৰে পৰা উত্তাল হৈ পৰিছে ৰাজ্য৷

একাংশ দল-সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ অৱৰোধ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি অখিলক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰয়োজনত অস্ত্ৰ হাতত তুলি ল’বলৈ আহ্বান জনালেই যদি ৰাষ্ট্ৰদ্ৰোহ হয় তেন্তে হোজাইত আৰ এছ এছে অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰাতো কি আছিল বুলিও থানাৰ ভিতৰত আৰক্ষীক প্ৰশ্ন কৰে অখিলে।

কৃষক নেতাগৰাকীয়ে হোজাইত আৰ এছ এছৰ অস্ত্ৰৰ প্ৰশিক্ষণক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেকৈ সেই প্ৰশিক্ষণক আত্মৰক্ষামূলক আখ্যা দিব পাৰে বুলিও আৰক্ষীক প্ৰশ্ন কৰে থকাসৰকা কৰে। মঙলবাৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত অনুষ্ঠিত এখন সমাৱেশত অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজন হ’লে হাতত হেংদাং আৰু মাৰণাস্ত্ৰ তুলি ল’বলৈ সকলোকে সাজু থাকিবলৈ আহ্বান জনাইছিল অখিলে। এই মন্তব্যৰ পিছতে মৰাণ আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/ ১২১/১২৪ (এ)/১০৯/১৫৩ /১৫৩ (এ)/৩৪ ধাৰাৰ  অধীনত ৰুজু হোৱা ১৮৮/১৭ নম্বৰৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।

আজি বিভিন্ন সংগঠনে অখিলক গ্ৰেপ্তাৰৰ ঘটনাক গৰিহণা দিয়ে। মটক যুৱ-ছাত্র পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, অামছু ডিব্ৰুগড় জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি, অসম সুৰক্ষা সেনা, মুছলিম যুৱ পৰিষদ, মটক ছাত্র সন্থা ডিব্ৰুগড় জিলা সমিতি, অাটছা, জাতীয়তাবাদী যুৱ সন্মিলন ডিব্ৰুগড় জিলা সমিতি, বৃহতৰ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা, সংগ্ৰামী যুৱ-ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি ডিব্ৰুগড় জিলা সমিতি, ছাত্র মুক্তি সংগ্ৰাম সমিতি ডিব্ৰুগড় জিলা আদিয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে।

আনহাতে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা দিয়া লগতে অসমত বৰ্তমান হিটলাৰী শাসনহে চলিছে বুলি কয় সংগঠনটোৱে৷ সংগঠনটোৰ সভাপতি যুগল বৰুৱাই অসমীয়া জাতিৰ ওপৰত অাক্ৰমণ নহয় এয়া অসমীয়াৰ স্বাভিমানৰ ওপৰত আক্ৰমম বুলি কয়৷ নগাঁৱতত বঙালে খোদ অসম আৰক্ষীৰ সন্মুখতে আইন হাতত তুলি অসমীয়াক আক্ৰমণ কৰে যদিও সেই অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পৰিৰ্ৱতে অনা-অসমীয়াক অসম চৰকাৰে নিৰাপত্তা দিয়ে বুলি কৈ অসমীয়াক অত্যাচাৰ কৰা বুলি কয় যুগল বৰুৱাই। হাজাৰ-হাজাৰ অসমীয়া জনতা ৰাজপথত আহি আন্দোলন কৰিৱ লগাটোৱে পৰিৰ্ৱতন আছিল বুলি সোণোৱালক প্ৰশ্নও কৰে বৰুৱাই।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কণ গগৈয়ে সংগ্ৰামী সত্বাক হিটলাৰি শাসন আৰু ভাবুকিৰে ৰুদ্ধ কৰি নোৱাৰি বুলি কয়। অখিল গগৈক বাৰে বাৰে গ্ৰেপ্তাৰ কৰা কাৰ্যই চৰকাৰ খনৰ যে অখিল গগৈৰ প্ৰতি আক্ৰোশ আছে তাকে প্ৰমাণি কৰে বুলি উল্লেখ কৰে গগৈয়ে। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অৰুপ বৰুৱাই অসমত যেন এতিয়া গণতন্ত্ৰ নাই, এই ঘটনাই তাকেই প্ৰমাণ কৰিছে বুলি কয়৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে সৰ্বানন্দ সোণোৱাল বৰ্তমান নায়ক হৈ থকা নাই, তেও এতিয়া খলনায়ক বুলি মত ব্যক্ত কৰে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া জাতি মাটি ভেটি চিনি নাপায়, আৰ আৰ এছে যি কয় তেওঁলোকে তাকেই শুনে।