
গোৰেশ্বৰ/ডিব্ৰুগড়ঃ প্ৰাক্তন আলফাক অনা-অসমীয়া ব্যৱসায়ীয়ে হত্যা চেষ্টা কৰাৰ ঘটনাই ৰাজ্য উত্তাল কৰি ৰাখিছে৷ বিভিন্ন দল-সংগঠনে ঘটনাৰ প্ৰতিবাদ তথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে নগাঁৱৰ প্ৰাক্তন আলফাৰ আক্ৰমণৰ ঘটনাক গৰিহণা দিছে গৰীয়া-মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদে৷
সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰফিউল হুছেইন বৰুৱা আৰু সাধাৰণ সম্পাদক ফজলুল কৰিম হাজৰিকাই অসমীয়া যুৱকৰ ওপৰত এচাম বহিৰাগত বণিয়াৰ আক্ৰমণৰ ঘটনাক সহজ ভাবে ল'ব পৰা নাই বুলি কয়৷ দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনোৱাৰ লগতে থলুৱাৰ ওপৰত অনা-অসমীয়াৰ আক্ৰমণ সহ্য কৰা ন’ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে।
নগাঁৱৰ প্ৰতিবাদী সভাতো উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফজলুল কৰিম হাজৰিকাই৷ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে বৃহত্তৰ অসমীয়া জাতি অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ সকলো জাতীয়তাবাদী-জনগোষ্ঠীয় সংগঠনক একত্ৰিত হৈ এটি শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল জন্ম দিয়াৰ আহ্বান জনায়৷
এয়া সময়ৰ আহ্বান বুলি কয় সংগঠনটোৰ সভাপতি যুগল বৰুৱাই৷ নগাঁও আৰু চিলাপথাৰ কাণ্ডই অসমীয়া জাতিৰ প্ৰতি ভাবুকি কঢ়িয়ায় অনা বুলিও কয় বৰুৱাই৷ নগাঁও কাণ্ডৰ অপৰাধীয়ে শাস্তি নাপালে আগন্তক নিৰ্বাচনত ফল ভূগিব লাগিব বুলি কৈ মট জনগোষ্ঠীয়ে হাতত হেং-দাং লোৱাৰ কথা প্ৰকাশ কৰে মটক যুৱ-ছাত্ৰ পৰিষদে। অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গিৰিন চেতিয়া অাৰু সাধাৰণ সম্পাদক ৰাজীৱ গগৈয়ে নগাঁও কাণ্ক গৰিহণা দি ভৱিষ্যতে অসমীয়াক জোকাই নলবলৈ সকীয়াই দিয়ে৷