
নাৰায়ণপুৰঃ অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ সৌজন্যত, বিহপুৰীয়া-নাৰায়ণপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত ৰাজ্যিক ভিত্তিত যোৱা ২ অক্টোবৰত মাধৱদেৱ মহাবিদ্যালয়ত মুক্তিযুঁজাৰু সন্মিলন আৰু গান্ধী জয়ন্তী উপলক্ষে এক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। উক্ত সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল৷ মুক্তিযুঁজাৰু সন্মিলন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ “মুক্তি” মুখ্যমন্ত্ৰী গৰাকীৰ সাক্ষাতে উন্মোচন কৰাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে সভাগৃহ ত্যাগ কৰাৰ পাছতহে স্মৃতিগ্ৰন্থখন উন্মোচন কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
বিজেপি নেতা তুলেশ্বৰ পেগুৱে ‘নিউজ নেক্সত ওৱান’লৈ প্ৰেৰণ কৰা এক বিবৃতিত সন্মিলনৰ উদ্যাপন সমিতিৰ কেইজনমান বিষয়ববীয়াই স্মৃতিগ্ৰন্থখনৰ দাতা তুলেশ্বৰ পেগু হোৱাৰ বাবেই গুৰুত্ব প্ৰদান নকৰি চক্ৰান্তমূলক ভাৱে মুখ্যমন্ত্ৰীগৰাকী সভাত উপস্থিত থকা অৱস্থাত গ্ৰন্থখন উন্মোচন নকৰা বুলি অভিযোগ উত্থাপন কৰিছে৷
অন্যহাতে মুক্তিযুঁজাৰু সন্মিলনৰ অধিবেশন আৰু গন্ধীজয়ন্তীৰ আদৰণি সমিতিখনৰ বাবে তুলেশ্বৰ পেগুক সমিতিখনৰ উপ-সভাপতি হিচাপে ৰাজহুৱা সভাত বাচনি কৰাৰ পাচতো আদৰণি সমিতিৰ চিঠিত নাম প্ৰকাশ নোহোৱাত তেওঁ আশ্বৰ্য প্ৰকাশ কৰিছে৷ বিগত বিধান সভাৰ নিৰ্বাচনত দলীয় টিকট বিচৰা নাইবা মিচিং জনগোষ্ঠীয় লোক হোৱাৰ বাবেই তেওঁক ৰাজনৈতিকভাৱে বঞ্চনা বা আওকান কৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে।