
চাবুৱাঃ চাবুৱা হাতীআলি চেতিয়াগাঁৱৰ গুঞ্জন বৰচেতিয়া নামৰ এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্ব্বোচ্চ ৫৩১নম্বৰসহ উত্তীৰ্ণ হৈ চাবুৱা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
আন দহজনতকৈ যথেষ্ট পৃথক গুঞ্জনৰ ছাত্ৰ জীৱন। গুঞ্জনে বিদ্যালয়লৈ যোৱাৰ পূৰ্বে সংগ্ৰহ কৰে ব্ৰইলাৰ।তাৰ পিছত সেইবোৰৰ পাখি গুচাই বিক্ৰীৰ বাবে উপযোগীকৈ ধুই উঠি এমুঠি খাইহে চাবুৱা লিটোল এঞ্জেল হাইস্কুললৈ যায়।
♦ 'নিউজ নেক্সট ৱান'ৰ সম্বৰ্ধনা, অভিনন্দন
♦ আৰ্থিক সহায়ৰ আশ্বাস মটক যুৱ-ছাত্ৰ পৰিষদৰ
আবেলি বিদ্যালয়ৰ পৰা আহি এগৰাহমান ভাত খাইয়ে পুৱা যতনাই থৈ যোৱা মাংসখিনি বিক্ৰীৰ বাবে বজাৰলৈ বুলি ওলাই যায়। বজাৰ সামৰি ঘৰ পাওঁতে সন্ধিয়া পাৰেই হয়। তাৰ পিছতহে পঢ়িবলৈ বহে গুঞ্জনে।
এনেদৰে অতি কষ্টৰ মাজেতো পঢ়া-শুনা কৰি পৰিয়ালৰ লগতে সমগ্ৰ চাবুৱালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা গুঞ্জনৰ এই সাফল্যত স্বাভাৱিকতেই আনন্দিত হৈ পৰিছে অঞ্চলটোৰ লগতে স্থানীয় দল-সংগঠন।
সংগ্ৰামী মেধাৱী ছাত্ৰজনক আজি ব্ৰইলাৰ বিক্ৰী কৰি থকা সময়তে 'নিউজ নেক্সট ৱান' পৰিয়ালৰ হৈ এখনি ফুলাম গামোচাৰে সম্বর্ধনা জনাই চাবুৱাৰ সংবাদদাতা তপন কুমাৰ শইকীয়াই।
সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাইয়ো গুঞ্জনক সম্বর্ধনা জনোৱাৰ লগতে উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ খৰছ বহন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
ইফালে পুত্ৰৰ এই সাফল্যত গৌৰৱান্বিত হৈ পৰিছে পিতৃ নিৰ্মল বৰচেতিয়া। আনন্দৰ চকুলো বৈ আহে মাতৃ নিৰ্মালি বৰচেতিয়াৰ। "সি ইমান কষ্ট কৰে। তাৰ কষ্ট দেখি মোৰ চকুপানী ওলাই আহে। কিন্তু কি কৰিব। দেউতাকে কষ্ট কৰিব নোৱৰা হৈ পৰিছে। সেয়ে সকলো নিজেই কৰিব লাগে।"-গৰ্বিত মাতৃয়ে থোকাথুকি মাতেৰে কয়।