newsnextone.com | ডিফুঃ কাৰ্বি আংলং জিলাত সঘনাই বাইক চুৰি হৈ অহাত চিন্তিত হৈ পৰিছে ৰাইজ৷ তাৰ মাজতে কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৰ ধনশিৰি আৰক্ষীৰ অভিযানত গাড়ীচোৰ চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ হয় চুৰি পালচাৰ বাইক৷ দেওবাৰে ডিফু থানাৰ অন্তৰ্গত ধনশিৰিত আৰক্ষীয়ে নাকা তালাচী চলাই থকা কালত দুজন মটৰ চাইকেল আৰোহীক ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি আৰোহী দুজন বাইক এৰি পলায়ন কৰে৷

ধনশিৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিৰ্ময় গায়নৰ নেতৃত্বত ধনশিৰি আৰক্ষীয়ে আৰোহী দুজনক ধৰিবলৈ অভিযান চলাই যদিও আৰোহীয়ে মটৰ চাইকেল এৰি ৰাঙা পাহাৰত সোমাই যায়৷ আৰক্ষীয়ে মটৰ চাইকেল খন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মটৰ চাইকেলটোৰ লক ভঙালৈ লক্ষ্য কৰি মটৰ চাইকেলটো চুৰি কৰি অনা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে৷ 

এএছ ০৩ পি ৫১৫৮ পঞ্জীয়ন নম্বৰৰ পালচাৰ খন ডিফু টাউন আৰক্ষী চকীৰ ওচৰৰ পৰা চুৰি হোৱা বুলি জনাৰ লগতে মটৰ চাইকেলখন ডিফু নগৰ আৰক্ষী চকীৰ কনিষ্টবল ৰঞ্জিত দত্তৰ হয় বুলি নিশ্চিত হয়৷ 

পুৱা নগৰ আৰক্ষী চকীৰ ওচৰত মটৰ চাইকেলখন ৰাখি থৈ ৰঞ্জিত দত্তই কৰ্তব্য পালন কৰি আছিল বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ৷ যোৱা ২৬ এপ্ৰিলতো ধনশিৰি এলেকাত নাকা তালাচীৰ সময়তো চুৰি মটৰ চাইকেল সহ দুজন চোৰক ধনশিৰি আৰক্ষীয়ে আটক কৰিছিল৷ প্ৰাণিধান যোগ্য যে কাৰ্বি আংলং-নাগালেণ্ড সীমান্ত এলেকাক ক'ৰিডৰ হিচাপে লৈ অবাধ হাৰত গাড়ী চুৰি ৰোধ কৰিবলৈ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড০ জিভি শিৱ প্ৰসাদে তালাচীৰ নিৰ্দেশ দিয়াৰ পিছৰ পৰাই কেইবাজনো গাড়ীচোৰক গাড়ী সহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷