DeviantArt
DeviantArt

কমলপুৰঃ কামৰূপ জিলাৰ বাইহাটা ৰেল ষ্টেছনৰ ওচৰৰ ৰেল গে'টৰ ওচৰত আজি ৰাতিপুৱাৰ ভাগত এজন যুবকৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ বগা ক’লা ৰঙৰ টি চাৰ্ট আৰু ছাই ৰঙৰ লংপেন্ট পৰিহিত প্ৰায় ২৮ বছৰীয়া যুৱকজনৰ চলন্ত ৰেলৰ পৰা পৰি মৃত্যু হোৱা বুলি ৰেল আৰক্ষীয়ে সন্দেহ কৰিছে।

মুখত আৰু হাতত আঘাতৰ চিন পষ্ট হৈ থকা জুৱকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰিছে৷