
তেজপুৰঃ নাৰী দেহৰ প্ৰতি পুৰুষৰ আকৰ্ষণ চিৰদিনৰ৷ ইতিহাসে ঢুকি পোৱা দিনৰ পৰাই পুৰুষ আৰু নাৰীৰ দৈহিক ক্ষুধা এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগনিত হৈ আহিছে৷ কিন্তু এই প্ৰাকৃতিক প্ৰবৃতি সদায় গোপনীয়৷ কিন্তু এচাম পুৰুষ মহিলাৰ বিকৃত মানসিকতাই ইয়াক সমাজৰ মাজলৈ আনি দুস্কাৰ্য তথা ব্যৱসায়সলৈ পৰিণত কৰা পৰিলক্ষিত হয়৷
ইফালে পুৰুষৰ চৰম পাশৱিকতাৰ বলি হৈ আহিছে একাংশ নাৰী৷ আনফালে পুৰুষৰ নাৰী দেহৰ প্ৰতি থকা লালসাৰ সুযোগ লৈ এচাম নাৰীয়েও গঢ়ি তুলিছে নাৰী দেহ ৰমৰমীয়া ব্যৱসায়৷ একাংশ পুৰুষৰ কামুক চৰিত্ৰ আৰু একাংশ নাৰীৰ অৰ্থ লোভে এতিয়া সৰ্বত্ৰে বৃদ্ধি কৰিছে নাৰী দেহ ব্যৱসায়ৰ ঘাটি৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী দেহ ব্যৱসায়ী চক্ৰৰ উৎখাত হোৱাৰ পাছতে শেহতীয়াকৈ তেজপুৰৰ ৰঙাপুখুৰী আৰক্ষী আৰু স্থানীয় ৰাইজে অভিযান চলাই এটা ঘৰৰ পৰা নাৰী দেহৰ এটা চক্ৰক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, ৰঙাপুখুৰী পাৰৰ জনৈক বৰা উপাধিৰ এজন লোকৰ ঘৰত বিগত কেইবাদিনো ধৰি নাৰী দেহ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্য সংঘটিত হৈ আহিছিল৷
স্থানীয় ৰাইজে ঘটনা সম্পৰ্কে সন্দেহ প্ৰকাশ কৰি ঘৰটোত গোপন অভিযান চলাওতে এজন যুৱক আৰু দুগৰাকী যুৱতীক অনৈতিক কাৰ্য সংঘটিত কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ ৰাইজে যুৱক আৰু যুৱতী দুজনীক কৰায়ত্ব কৰি ৰঙাপুখুৰী আৰক্ষীক চমজাই দিয়ে৷
যুৱকজনে নিজকে চেচা চাহ বাগিচাৰ বিজিত কলিতা বুলি পৰিচয় দিছে৷ সম্প্ৰতি দেহ ব্যবসায়ৰ লগত জড়িত তিনিওজনকে ৰঙাপুখুৰী আৰক্ষীয়ে আটক কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে৷