
বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিৰ খাটোৱালত ৰহস্যজনক অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চ্যলৰ। খাটোৱালৰ গেৰুৱাআটিৰ পথাৰত বৃহস্পতিবাৰে পুৱা অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় ইয়াচমিনা খাতুন নামৰ যুৱতী গৰাকীৰ মৃতদেহ।
ৰহস্যজনক কাৰণত শনিবাৰৰ পৰাই সন্ধানহীন হৈ আছিল তিনিমহীয়া অন্তঃসত্বা যুৱতীগৰাকী। যুৱতী গৰাকীক পূৰ্বে ধৰ্ষণ কৰাৰ অভিযুক্ত নজৰুল নামৰ এজন যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে। ইফালে অভিযুক্ত যুৱক জন সম্প্ৰতি পলাতক অৱস্থাত আছে।
খাটোৱাল আৰক্ষীক যুৱতী গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত বাৰাম্বাৰ জনোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। বৃহস্পতিবাৰে স্থানীয় ৰাইজে যুৱতীগৰাকীৰ মৃতদেহ পথাৰৰ পানীত উপঙি থকা দেখি খাটোৱাল আৰক্ষীক ততাতৈয়াকৈ অৱগত কৰে যদিও দুপৰীয়াহে বহু পলমকৈ ভাৰপ্ৰাপ্ত বিষয়া সহ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে৷
উল্লেখ্য যে, পূৰ্বতে যুৱতীগৰাকীৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত নজৰুল নামৰ যুৱকজনৰ বিৰুদ্ধে নিৰ্যাতিতা যুৱতীগৰাকীয়ে ৰুজু কৰা এক গোচৰৰ ভিত্তিত আদালতত সম্প্ৰতি তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।