04
Oct
2017

নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটত আজি উদ্ধাৰ কৰা হয় চাৰিটাকৈ বিলুপ্তিপ্ৰায় হাড়গিলা চৰাই৷ চকলাঘাটৰ হাঁহচ’ৰা পথাৰৰ বৰভেটী-শিমলুতল সংযোগী গড়কাপ্তানী পথৰ দাঁতিতে আছিল আপুৰুগীয়া পক্ষীকেইটা৷
সেই পথেৰে অহা চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰাতুল মেধীয়ে পক্ষীকেইটা এনেদৰে অৱস্থান কৰি থকা দেখি পক্ষীকেইটা উদ্ধাৰ কৰি স্থানীয় সংবাদকৰ্মী কল্যাণ কুমাৰ বৰাৰ ঘৰত দিয়ে৷ বৰাই পক্ষীকেইটাক আহাৰ-পানী খুৱাই কিছু সুস্থ কৰি তুলি বন বিভাগক খবৰ দিয়ে৷
বন বিভাগৰ নগাঁও সদৰ ৰেঞ্জৰ পৰা বিপিন চন্দ্ৰ বৰাৰ নেতৃত্বত অহা বন বিভাগৰ দলে পক্ষীকেইটা আহি লৈ যায়৷