লালুকঃ যোৱা ২৩ ছেপ্টেম্বৰৰ পুৱা বিদ্যালয়লৈ যোৱাৰ পথৰ পৰা অপহৃত বিহপুৰীয়াৰ মৰণৈ গ্ৰেজিং গাঁৱৰ আলালউদ্দিন আলিৰ পুত্ৰ তৈয়ব আলি (৮) নামৰ শিশুটিক সোমবাৰে নিশা অপহৰণকাৰীয়ে মুকলি কৰি দিয়ে৷

বিহপুৰীয়া মৰণৈ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ তৈয়বক বঙালমৰাৰ বৰছলাৰ ছাহাব উদ্দিন নামৰ এজন যুৱকে কৌশলেৰে অপহৰণ কৰি বঙালমৰা কাহিপাৰাৰ নুৰ ইছলাম নামৰ ব্যক্তিজনক ত্ৰিশ হেজাৰ টকাৰ বিনিময়ত বিক্ৰি কৰিছিল৷ 

পৰৱৰ্তি সময়ত নুৰ ইছলামে তেওঁৰ পত্নী আৰু কেইবাগৰাকীও সতীৰ্থৰ সহযোগত তৈয়বক অৰুণাচলৰ কোনো অজ্ঞাত লোকক বিক্ৰী কৰে৷ বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনেশ্বৰ দাসে ঘটনা সংঘটিত হোৱাৰ দিনাই আটক কৰা অপহৰণকাৰী চাহাবউদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই থকাৰ মাজতে সোমবাৰে নিশা বঙালমৰাৰ কাহিপাৰাত অপহৰণকাৰীয়ে কনমানি ছাত্ৰ জনক মুকলি কৰি দিয়ে৷ 

উল্লেখযোগ্য যে, বিদ্যালয়লৈ যোৱাৰ পথৰ পৰা শিশুটিক অপহৰণকাৰীটোৱে চিপচ্ খুওৱাৰ লগতে কাপোৰ কিনি দিয়াৰ প্ৰলোভনেৰে অপহৰণ কৰিছিল৷ অৰুণাচলত কনমানি শিশটিক শাৰিৰীক নিৰ্যাতন চলোৱা বুলিও শিশুটিয়ে অৱগত কৰিছে৷ 

বিহপুৰীয়া আৰক্ষীয়ে যোৱা নিশা শিশুটিৰ সন্ধানত অৰুণাচলত অভিযান চলোৱাৰ সম্ভেদ লাভ কৰিয়েই অপহৰণকাৰীয়ে শিশুটিক মুকলি কৰি দিয়ে৷ অপহৃত শিশুটিক সুস্থ শৰীৰে ঘুৰাই পোৱাত স্থানীয় ৰাইজ আৰু শিশুটিৰ পৰিয়ালৰ লোকে ইশ্বৰক ধন্যবাদ জনোৱাৰ লগতে আৰক্ষী বিভাগৰ কাৰ্যকো প্ৰশংসা কৰে৷