24
Sep
2017

কাজিৰঙাঃ কাজিৰঙাৰ NRL পেট্ৰল পাম্পৰ পৰা শনিবাৰে অপহৃত হোৱা ভাস্কৰ গগৈ নৈমৰ যুৱকজনক আজি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আজি কাজিৰঙা আৰক্ষীয়ে কাৰ্ৱি আংলং জিলা আৰক্ষীৰ সহযোগত কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চলৰ পৰা অপহৃত ভাস্কৰ গগৈক উদ্ধাৰ কৰে৷
জানিব পৰা মতে ভাস্কৰ গগৈক ভাস্কৰ গগৈ নামৰ NRL পেট্ৰল পাম্পত কৰ্মৰত যুৱকজনক শনিবাৰে তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তই বন্দুক দেখুৱাই অপহৰণ কৰি নি কাৰ্বি আংলঙৰ পাহাৰীয়া জংঘলৰ মাজত আবদ্ধ কৰি ৰাখিছিল৷ NRL পেট্ৰল পাম্পৰ মালিকৰ পৰা ৫০ লাখ টকা দাবী কৰিয়েই এই অপহৰণ কাণ্ড সংঘটিত কৰিছিল দুৰ্বৃত্তই৷
আনহাতে ধন নিদিলে মাৰি পেলোৱাৰ ভাবুকিও প্ৰদান কৰিছিল ভাস্কৰ গগৈক৷ কিন্তু আজি আৰক্ষী অনুসন্ধান চলাই কাৰ্বি আংলঙৰ অক দুৰ্গম অঞ্চলৰ পৰা যুৱকজনক উদ্ধাৰ কৰে নিৰাপদে কাজিৰঙালৈ উভটাই লৈ আনিবলৈ সক্ষম হয়৷