হোজাইঃ চৰকাৰী স্বাস্থ্যকেন্দ্ৰত ৰোগীৰ দুৰৱস্থাৰ কথাটো অসমত নতুন নহয়৷ চৰকাৰে পৰ্যাপ্ত দৰৱ যোগান ধৰা বুলি দাবী কৰিলেও ৰোগীয়ে দৰৱৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে৷ ক'ত যায় NRHM ৰ অধীনত চৰকাৰে যোগান ধৰা বিনামূলীয়া দৰৱ৷

এফালে স্বাস্থকেন্দ্ৰত দৰৱ বিচাৰি ৰোগীৰ হাহাকাৰ৷ আনফালে চোৰাং বজাৰত চৰকাৰী দৰৱৰ ৰমৰমীয়া ব্যৱসায়৷ উল্লেখ্য যে, সোমবাৰে দুপৰীয়াৰ ভাগত হোজাই জিলাৰ ডবকাৰ ৩০ খন বিচনা যুক্ত চৰকাৰী চিকিৎসালয়ৰ পৰা ঔষধ চোৰাং ভাবে বিক্ৰী কৰিবলৈ নিয়াৰ সময়ত স্কুলীয়া ছাত্ৰৰ এটা দলে বৃহত পৰিমাণ চৰকাৰী বিনামূলীয়া ঔষধ সহ এখন বাহন জব্দ কৰে৷

ডবকা স্বাস্থ্য কেন্দ্ৰৰ গোধামৰ পৰা এইখন A-Star গাড়ীৰে বিক্ৰীৰ বাবে উলিয়াই নিয়া হৈছিল কফ্ চিৰাপৰ পৰা আৰম্ভ কৰি আইৰণৰ বড়ী লৈকে চৰকাৰী দৰৱ খিনি৷ এই সমূহ দৰৱ ডবকা স্বাস্থ্য কেন্দ্ৰৰ পৰা গাড়ীখনত বোজাই কৰি নিবলৈ লওতেই ডবকাৰ হাজী আনফৰ আলী কলেজৰ ছাত্ৰ সকলে হাতেলোটে ধৰা পেলায়৷ এই ঘটনাক কেন্দ্ৰ কৰি ডবকাৰ চৰকাৰী চিকিৎসালয়খনৰ চৌহদত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷

লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঔষধ আৰু ঔষধ কঢ়িওৱা গাড়ীখন জব্দ কৰি লৈ যায়৷ কলেজলৰ ছাত্ৰ আৰু প্ৰত্যক্ষদৰ্শীৰ অভিযোগ মৰ্মে চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ ইছাহাক আলী আৰু ফাৰ্মাচিষ্ট মইন উদ্দিনে মিলি বিক্ৰীৰ কাৰণে পঠিয়াই আছিল ঔষধখিনি৷

অৱশ্যে পূৰ্বতেওঁ ফাৰ্মাচিষ্ট মইন উদ্দিনৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপিত হোৱ বুলি স্বয়ং ভাৰপ্ৰাপ্ত বিষয়াই স্বীকাৰ কৰে যদিওঁ ৰহস্যজনক কাৰণত তেওঁ ফাৰ্মাচিষ্টৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ তেনে ক্ষেত্ৰত দৰৱৰ চোৰাং বেহাত চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া তথা অধিক্ষক গৰাকী জড়িত থকাৰো সন্দেহ কৰা হৈছে ৷ আজি এই ঘটনাক কেন্দ্র কৰি ডবকাত চাঞ্চল্যৰ বিৰাজ কৰিছে৷