বঢ়মপুৰঃ বিচিত্ৰ পৃথিৱীত কি বাৰু নাই৷ দেখাৰ পৰা দেখি নপোৱালৈকে, চিনাৰ পৰা চিনি নপোৱালৈকে ঈশ্বৰৰ বিচিত্ৰ সৃষ্টিৰে ভৰপূৰ এই পৃথিৱী৷

নিতৌ ন ন ঈশ্বৰৰ সৃষ্টিৰ সম্ভেদ পোৱা হোৱাৰ পাছতে এইবাৰ এইখন অসমতে দেখা পোৱা গ’ল এক অদ্ভুত পতংগ৷ নগাঁও জিলাৰ চামগুৰি চাপানালাত আজি দেখা পোৱা গ’ল এইবিধ বিচিত্ৰ পতংগ৷

CLICK►https://www.newsnextone.com/lets-play-blue-whale-game-for-life

সংৰক্ষিত বনাঞ্চলৰ দাঁতিৰ পৰা এজন লোকে উদ্ধাৰ কৰে এই বিশেষ পোক বিধ। দেখাত সাইলাখ গছৰ পাতৰ নিচিনা এই বিৰল প্ৰজাতিৰ পোকবিধ প্ৰত্যক্ষ কৰিবলৈ সেই স্থানত ভিৰ কৰে একাংশ ইচ্ছুক ৰাইজে।

সেউজীয়া বৰণৰ এই পোক বিধক লৈ চামগুৰি চাপানালাত এতিয়া উৎকণ্ঠিত অঞ্চলবাসী।

CLICK►https://www.newsnextone.com/lets-play-blue-whale-game-for-life

উল্লেখ্য যে, এই বিশেষ পোকটো ভাৰত মহাসাগৰৰ উপকুলীয় অঞ্চল তথা অষ্ট্ৰেলিয়াৰ লগতে দক্ষিণ-পূব এচিয়াত পোৱা যায় যদিও ই অতিকৈ দুষ্প্ৰাপ্য বুলি জানিব পৰা গৈছে।

অৱশ্যে এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি থলে চাপানালাৰ এজন যুৱকে।