
ডিব্ৰুগড়ঃ নিচাত বুৰ গৈছে ডিব্ৰুগড জিলাৰ একাংশ অঞ্চল৷ বৰবিহৰ প্ৰেমত পৰা একাংশ লোকৰ বাবে এতিয়া ডিব্ৰুগড জিলাৰ একাংশ অঞ্চলত চলিছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা৷
ডিব্ৰুগড়ৰ জিলাৰ আবকাৰী বিভাগে বৃহস্পতিবাৰে এক অভিযান চলাই কেইবাটাও অঞ্চলৰ পৰা এনে অবৈধ সুৰাৰ ব্যৱসায় উৎখাত কৰি প্ৰায় ৯০০ লিটাৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷
জিলাখনৰ আবকাৰী বিভাগৰ এটা দলে বৃহস্পতিবাৰে বিয়লি ডিব্ৰুগড় জিলাৰ গ্ৰেহেম বজাৰ, ঠাকুৰ থান, লেকাই আদি অঞ্চলত অভিযান চলাই ১১৪ লিটাৰ অবৈধ বিলাতী সুৰা, ৮০০ লিটাৰ চুলাই, ২৭ লিটাৰ বিয়েৰ বটল জব্দ কৰে।
লগতে অবৈধ মদ প্ৰস্তুত কৰা দুগৰাকী ব্যক্তিক আটক কৰে দলটোৱে। বিগত কিছুদিন ধৰি উক্ত এলেকা সমূহত দিন ৰাতি একাকাৰ কৰি অবৈধ মদৰ বেহা চলাই আহিছিল একাংশ অসাধু লোকে। তেনে কাৰ্যত অতীষ্ঠ হৈ পৰিছিল একাংশ সচেতন ৰাইজ। লগতে আবকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীকো অৱগত কৰিছিল।
ইপিনে অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰাত সন্তোষ প্ৰকাশ কৰিছে ৰাইজে। লগতে অনাগত দিনত যাতে পুনৰ এই অঞ্চলসমূহত অবৈধ মদৰ ঘাটি বহুৱাব নোৱাৰে তাৰ বাবে বিহীত ব্যৱস্থা লবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।