গোলকগঞ্জঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে অবৈধ ব্যৱসায়৷ নিচা আসক্তিত বুৰ গৈ ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক ধ্বংসৰ গৰাহলৈ যোৱাৰ সময়তে ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৱৰ্তী ছাগলীয়া আৰক্ষীয়ে গোলকগঞ্জ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ গাঞ্জা৷

AS-01V-0031 নম্বৰৰ মালবাহী ট্ৰাক এখনেৰে এই অবৈধ গাঞ্জাখিনি বহিঃৰাজ্যলৈ নি থকাৰ সময়তে ট্ৰাকসহ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় ছাগলীয়া আৰক্ষীয়ে৷ জব্দ কৰা গাঞ্জাখিনিৰ পৰিমাণ এক কুইন্টলৰো অধিক হ’ব বুলি গোলকগঞ্জ আৰক্ষী থানাৰ আৰক্ষীৰ চক্ৰ পৰিদৰ্শক ভূপেনদ্ৰ নাথ দাসে জানিবলৈ দিয়ে৷