দলংঘাটঃ ভাৰতীয় ৰেডক্ৰচ চচাইটিৰ অসম শাখাই আজি দৰং জিলাৰ কেইখনমান শিক্ষানুষ্ঠানত সামগ্রী বিতৰণ কৰে।

মংগলদৈ ৰেডক্ৰচ শাখাৰ সহযোগত ভাৰতীয় ৰেডক্ৰচ চচাইটিৰ অসম শাখাৰ পৰা অহা কৰ্মকতাসকলে মঙলদৈ মহাবিদ্যালয়, দেওমৰনৈ মহাবিদ্যালয়, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং জ্যোতি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়, উত্তৰ বাঘৰবাৰী প্ৰাথমিক বিদ্যালয়, বেজপাৰা অংগনবাদী কেন্দ্ৰত উপস্থিত হৈ শিক্ষানুষ্ঠান সমূহৰ মুৰব্বী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ হাতত অৰ্পণ কৰে ফিল্টাৰ আৰু ডাষ্টবিন৷ 

ভাৰতীয় ৰেডক্ৰচ চচাইটিৰ অসম শাখাই যুৱ ৰেডক্ৰচ গোট এটাকৈ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত গঠন কৰাৰ ব্যৱস্থা কৰিছে। বৰ্তমান দৰং জিলাত মঙলদৈ মহাবিদ্যালয়, দেওমৰনৈ মহাবিদ্যালয়, দেওমৰনৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু দৰং জ্যোতি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ত একোটিকৈ ভাৰতীয় ৰেডক্ৰচ চচাইটিৰ যুৱ ৰেডক্ৰচ গোট গঠন কৰে। 

এই যুৱ ৰেডক্ৰচ গোটৰ জৰিয়তে প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ৰেডক্ৰচ চচাইটিৰ অসম শাখাই। আজিৰ এই শিক্ষানুষ্ঠানত গৈ ফিল্টাৰ আৰু ডাষ্টবিন প্ৰদান কাৰ্য্যসূচীত উপস্থিত থাকে ভাৰতীয় ৰেডক্ৰচ চচাইটিৰ অসম শাখাৰ ৰাজ শৰ্মা, ৰিতুৰাজ কৌশিক, মৃদুল শৰ্মা আৰু মঙলদৈ ৰেডক্ৰচ শাখাৰ জয়ন্ত শৰ্মা আৰু দৰং ৰেডক্ৰচৰ স্বেচ্ছাসেৱকসকল৷ 

ভৱিষ্যত দিনত ভাৰতীয় ৰেডক্ৰচ চচাইটি অসম শাখাৰ পৰা সহায় সহযোগিতা আগবঢ়াই যাৱ বুলি ৰেডক্ৰচৰ কৰ্মকতাই মতপোষণ কৰে। আৰু দৰং জিলাৰ ছাত্ৰ ছাত্ৰী সকলক যুৱ ৰেডক্ৰচ চচাইটিৰ নামভৰ্ত্তি কৰিবলৈ আহ্বান জনায়।