newsnextone.com| অসমত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৫ টকাকৈ কমিল৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ২.৫০ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ পাছত কিছু সময় আগতে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে ঘোষণা কৰি জনাই যে ৰাজ্য চৰকাৰেও পেট্ৰ’ল আৰু ডিজেলৰ মূল্য তৎতকালেই কাৰ্যকৰী হোৱাকৈ প্ৰতিলিটাৰত ২.৫০ টকাকৈ হ্ৰাস কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ ফলত আজি মাজনিশাৰ পৰা পেট্ৰ’ল ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৫ টকাকৈ হ্ৰাস পালে৷