তুলসীবাৰীঃ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে দেওবাৰে এখন সভা অনুষ্ঠিত হৈ যায়৷ সভাত অঞ্চলটোৰ শতাধিত যুৱক উপস্থিত থাকি অঞ্চলটোৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত দাঙি ধৰাৰ উদ্দেশ্যে কাম কৰি গুৰুত্ব আৰোপ কৰে৷ 

সভাখনত বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত গড়ভিতৰ শাখা সমিতি গঠন কৰা হয়৷ গড়ভিতৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনৰ ১২ বজাৰ পৰা বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্ব কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক ভূপেন কলিতাই৷ 

সভাখনত কামৰূপ জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক গোলোক ৰাজবংশী, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি শংকৰ ভূঞা, প্ৰাক্তন ছাত্ৰ নেতা লিটণ কলিতা, মনোজ ৰাজবংশী উপস্থিত থাকে৷ 

উক্ত সভাতে বিতোপন শালৈক সভাপতি আৰু বিকাশ দাসক সম্পাদক হিচাপে লৈ ৩১ জনীয়া গড়ভিতৰ শাখা সমিতিখন গঠন কৰা হয়৷