03
Feb
2019

ডিফুঃ যোৱা শণিবাৰে পুৱা বোকাজান মহকুমাৰ ছানডে বজাৰৰ সমীপৰ বাঁহবাৰীত সংগঠিত বিধ্বংসী অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱা দুৰ্গত সকলৰ মাজত আজি আমছুৰ কাৰবি আংলং জিলা সমিতি,লাহৰিজান আঞ্চলিক সমিতি আৰু বিভিন্ন দল-সংগঠনে বিভিন্ন ধৰণৰ সাহায্য আগবঢ়ায়৷
উল্লেখযোগ্য যে উক্ত অগ্নিকাণ্ডত প্ৰায় ৮০ টা মান ঘৰ জলি ভষ্মীভূত হোৱাৰ লগতে ভুক্তভোগী সকলে নিজৰ পিন্ধা কাপোৰৰ বাহিৰে আন একো উদ্ধাৰ কৰিব নোৱাৰি সৰ্বস্ব হেৰুৱাইছিল৷ আজি আমছুৰ লগতে দল-সংগঠন সমূহে ভুক্তভোগী সকলৰ মাজত খাদ্য সামগ্ৰী, বস্ত্ৰ আদি বিতৰণ কৰে৷ আমছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মজিদ খানৰ লগতে বিভিন্ন নেতা কৰ্মীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷