লিডুঃ বানে ধোৱা লিডুত আজি সাহায্য প্ৰদান কৰিলে নিখিল ভাৰত যুৱ ফেডাৰেচন নামৰ এক সৰ্বভাৰতীয় অ-ৰাজনৈতিক দলীয় সংগঠনে। বানত সকলো হেৰুৱাই চকুলো টুকিবলগীয়া হোৱা লিডুৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্তই লাভ কৰা নাই পৰ্যাপ্ত সাহায্য৷ আজি নিখিল ভাৰত যুৱ ফেডাৰেচনে লিডুৰ একাংশ বানপীড়িত লোকৰ লগতে দুখীয়া শ্ৰেণীৰ ৰাইজক সাহায্য প্ৰদানৰ অৰ্থে আগবাঢ়ি আহি মোলাং অঞ্চলৰ প্ৰায় ১ হাজাৰ বানপীড়িত লোকৰ লগতে দুখীয়া শ্ৰেণীক খাদ্য বস্তুৰ লগতে দৈনন্দিন প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী প্ৰদান কৰে৷ আজি সংগঠনটোৰ ৰাজ্যিক সম্পাদক অজয় বৰা আৰু লিডু শাখা সমিতিৰ যুটিয়া সম্পাদক আব্দুল চাত্তাৰৰ নেতৃত্বত প্ৰায় ২০ সদস্যই লিডুৰ মোলাং অঞ্চলৰ ২ নং বেংগলি গাওঁ, ৰিজাৰ্ভ মাজুলী, মণ্ডল বিল আদি এলেকাত প্ৰায় ৮০ ঘৰ মানুহক সাহায্য প্ৰদান কৰে।