
জোনাইঃ আজি বিশ্ববাসীয়ে পালন কৰে বিশ্ব খিলঞ্জীয়া দিৱস। কিন্তু হতভগীয়া অসম মুলুকৰ খিলঞ্জীয়াই ছালিৰ তলত চকুলো টুকি পাৰ কৰিছে দুখৰ দিন। অসমৰ হাজাৰ হাজাৰ খিলঞ্জীয়াই সংঘৰ্ষৰ নামত শৰণাৰ্থী শিবিৰত দিন পাৰ কৰিছে৷ নদীৰ গৰাখহনীয়া, বানৰ কবলত পৰি জীয়াই থকাৰ নামত ককবকাব লগা হৈছে অসমৰ খিলঞ্জীয়াই৷
ধেমাজি, কোকৰাঝাৰ আদি ঠাইত নিজ দেশতে ভগনীয়া হৈ বাস কৰিব লগা হৈছে খিলঞ্জীয়াই৷ শেহতীয়াকৈ লাইকা দধিয়াৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে দুখৰ দিন পাৰ কৰিছে ৷ এসাজ ভাত, এটুকুৰা বস্ত্ৰ, থাকিবলৈ এখন ছালিৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে ভূমিপুত্ৰ মিচিং সকলে৷ থলুৱাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি ৰাজনৈতিক দলবোৰে জনগোষ্ঠীয় লোকসকলৰ ভোট লৈ চৰকাৰ গঠন কৰে যদিও ভূমিপুত্ৰ খিলঞ্জীয়াৰ হকে কাম কৰা দেখা নাযায়৷
লাইকা দধিয়াত নৈৰ পাৰত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলৰ ভেটি-মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাত ভগনীয়া হৈ পৰে৷ বহিঃ ৰাজ্যৰ বণিয়াক শ শ বিঘা মাটি দি ব্যৱসায় কৰাৰ বাবে ৰঙা দলিছা পাৰি দিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে খিলঞ্জীয়া মিচিংসকলক এটুকুৰা ভূমি আৰু এটি ঘৰ সাজি দিবলৈ আহৰি নাপায়৷ ঘৰ সাজি সংস্থাপন দিয়াটো দূৰৰে কথা ভাত মুঠি খাবলৈ আজি কাহী নাই মিচিংসকলৰ ওচৰত৷
মিচিং গাভৰুৱে নেপকিনৰ অভাৱত পৰিছে৷ ল'ৰা-ছোৱালীৰ শিক্ষা অথলে যাব ধৰিছে৷ অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে লাইকা-দধিয়াৰ মিচিং সকল৷ তাৰ মাজতে দুখৰ বেলা আপোন মঙহৰ ওচৰত থিয় দিলে মিচিং জনগোষ্ঠীয় সংগঠন৷ চৰকাৰে খবৰ নললেও প্ৰতিদিনে দুখৰ সাগৰত ডুব গৈ থকা লোকসকলৰ খবৰ ৰাখে মিচিং জনগোষ্ঠীৰ কেইবাটাও দল-সংগঠনে৷
আজি টি এম পি কে, এম এম কে, টি এম এম কে আৰু আদি মিচিং বানে কেবাঙৰ উদ্যোগত বানত ক্ষতিগ্ৰস্ত লাইকা-দধিয়াবাসীক বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰে৷ সংগঠনকেইটাই পথচাৰী, ব্যৱসায়ী, চাকৰিয়াল আদিৰ পৰা সংগ্ৰহ কৰা খাদ্য, সামগ্ৰী, কাপোৰ আদিৰ লগতে নগদ ৫০,০০০ হাজাৰ টকা আগবঢ়ায় লাইকা দধিয়াবাসীক।
টি এম পি কে, এম এম কে, টি এম এম কে আৰু আদি মিচিং বানেৰ এটি প্ৰতিনিধি দলে প্ৰথমে জোনাই তিনিমাইল ঘাটেৰে ফেৰীৰে দধিয়া লাইকা লৈ ৰাওনা হৈ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে।
দলটোত আছিল টি এম পি কে, এম এম কে, টি এম এমৰ নেতা নৰেশ কুম্বাং, পদ্মলোচন দলে, উষাৰানী কুম্বাং পেগু, ভন্তীবালা পেগু, অকম য়চুং, ৰাজু মেদক, জয়ন্ত বড়িৰ লগতে বহু কেইজন নেতা-কৰ্মী। স্বনামধন্য কন্ঠশিল্পী তৰাবতি মিলি বড়িয়েও এইক্ষেত্ৰত সহযোগ আগবঢ়ায়। দল-সংগঠনৰ নেতাসকলে চৰকাৰক শীঘ্ৰে এই লোকসকলক সংস্থাপন দিবলৈ দাবী জনাইছে।