
পূৱ বৰপেটাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ছাত্ৰী হাছিনা আহমেদৰ নেতৃত্বত অহা এটি ছাত্ৰ-ছাত্ৰীৰ দলে শনিবাৰে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত লক্ষীপুৰ চৰৰ বানাক্ৰান্ত লোকৰ মাজত বান সাহায্য বিতৰণ কৰে।
লক্ষীপুৰ চৰৰ এই বানাক্ৰান্ত লোকসকলে অনাহাৰে অনিদ্ৰাত দিন কটাবলগীয়া হোৱা খবৰটো ফেচবুকৰ পৰা লাভ কৰি হাছিনাৰ বন্ধু বান্ধৱীৱে পুৰণি কাপোৰ, চিৰা, চেনী, বিস্কুট, মমবাতি, মেছ আদিকে ধৰি বিবিধ সামগ্ৰী যোগাৰ কৰি আজি বানাক্ৰান্ত লোকৰ কাষত থিয় দিয়ে।
হাচিনা আহমেদৰ নেতৃত্বত আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ছাত্ৰী ৰুহিনী নাৰ্জাৰী, আবুল কালাম আজাদৰ উপৰি আমছুৰ সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদ, সাংবাদিক ফৰহাদ ভূঞা, অধিবক্তা ছাইফুল ইছলাম, বাদশা আলী আদিকে ধৰি একাংশ লোকে চৰটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয় আৰু কিঞ্চিৎ সাহায্য আগবঢ়ায়। উল্লেখ্য যে, বহৰিৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত লক্ষীপুৰ চৰটো প্ৰায় এমাহমানৰ ভিতৰতে দুবাৰকৈ বানত আক্ৰান্ত হ’বলগীয়া হৈছে৷
বানপানীয়ে সমগ্ৰ চৰটো বুৰাই পেলোৱাৰ ফলত চৰগাৱখনৰ সকলো পৰিয়ালৰ ঘৰ দুৱাৰ বানত ডুব যায়৷ চৰটোৰ প্ৰায় ডেৰশটা পৰিয়ালে চৰটোত গ্ৰামোন্নয়ন বিভাগে স্থাপন কৰা দুটা ওখ ভেটিত কোনোমতে আশ্ৰয় গ্ৰহন কৰি থাকে যদিও এইপৰ্যন্ত বানাক্ৰান্তসকলক উপযুক্ত বান সাহাৰ্য প্ৰদান নকৰা বুলি আজি চৰটোৰ বাসিন্দাসকলে প্ৰকাশ কৰে৷
ইপিনে পানী ক্ৰমাৎ কমিছে যদিও বানাক্ৰান্ত লোকসকলে এতিয়াও ঘৰলৈ উভতিব পৰা নাই৷ ভাদ মহীয়া প্ৰখৰ ৰ'দতো একোখন ফটাছিটা তিৰ্পালৰ তলতে আজিও আশ্ৰয় লৈ থাকিবলগীয়া হৈছে৷ ইপিনে পূৱ লক্ষীপুৰ চৰৰ ওখ ভেটিত আশ্ৰয় গ্ৰহন কৰি থকা লোকসকলৰ মাজত আজিলৈকে এটা দমকলো নথকাৰ ফলত নৈৰ পানী খাবলগীয়া হৈছে৷
এই দুৰ্ভগীয়া বানাক্ৰান্ত মানুহখিনিৰ প্ৰতিজনলোকে এতিয়ালৈকে চৰকাৰী সাহাৰ্যৰ নামত এক কেজি আঠশ গ্ৰাম চাউল, ২৫০গ্ৰাম ডালি আৰু পশুখাদ্যৰ নামত সামান্য পৰিমানে চাপৰ পোৱাৰ বাহিৰে আন একো পোৱা নাই বুলি বানাক্ৰান্ত লক্ষীপুৰচৰবাসীয়ে বানসাহাৰ্য আগবঢ়োৱা দলটোক জানিবলৈ দিয়ে৷
উল্লেখ্য যে গুৱাহাটী বিশিববিদ্যালয়ৰ ছাত্ৰী হাচিনা আহমেদৰ নেতত্বত ইতিমধ্যে মাজুলী, লখিমপুৰ, আৰু ধুবুৰী জিলাৰ বিভিন্ন ঠাইত বানাক্ৰীন্ত লোকৰ মাজত বান সাহাৰ্য বিতৰন কৰাৰ পিচতে আজি বৰপেটাৰ লক্ষীপুৰ চৰত বানসাহাৰ্য বিতৰন কৰে এই দলটোৱে।