চাবুৱাঃ বছৰৰ দ্বিতীয়টো বানত বিধ্বস্ত ৰাজ্যৰ ২৬ খন জিলা ৷ ২৬০০ খন গাঁৱৰ প্ৰায় ২৯ লাখ মানুহ এই বানত সৰ্ব্বশ্ৰান্ত হৈছে৷ মৃত্যু ঘটিছে ৫০ জন লোকৰ৷ তথাপি গা লৰা নাই ৰাজ্য চৰকাৰৰ৷ আহৰি নাই ভুক্তভুগীৰ খবৰ লবলৈ৷ নিজৰ হেঁপাহৰ ঘৰ খন এৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তই লাভ কৰা নাই পৰ্যাপ্ত চৰকাৰী সাহায্য ৷

দুৰ্দশাগ্ৰস্থ লোকসকলক সকাহৰ বাট দেখুৱাই দিয়াৰ হকে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ডিব্ৰুগড় জিলা সমিতিয়ে  বানাক্ৰান্তক সাহায্য প্ৰদান কৰে। সংগঠনটোৰ ডিব্ৰুগড় জিলাৰ সভাপতি নবুল ভৰালী আৰু কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দ্বীপৰঞ্জন দুৱৰাৰ নেতৃত্বত যোৱা দলটোৱে ডিব্ৰুগড় জিলাৰ লেজাই মৌজা অন্তৰ্গত ইটাখুলী গাঁও, লেজাই বাম গাঁও, কলাখোৱা অাৰু দিহিং থান গাঁৱৰ বানাত্রুান্তৰ মাজত ৬ কুইন্টল চাউল , ৩ কুইন্টল আলু, তিনি বেগ নিমখ, ২০০ লিটাৰ পানী, বিস্কুট আদিৰ লগতে বিভিন্ন সামগ্ৰী বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰে।

আনফালে চৰকাৰৰ পৰা পৰ্যাপ্ত পৰিমাণৰ সাহায্য নপোৱাৰ অভিযোগ তুলি চৰকাৰৰ ওপৰত ক্ষোভ উজাৰে বানাক্ৰান্ত ৰাইজে৷⁠⁠⁠⁠