
গুৱাহাটীঃ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বানৰ কবলত পৰি ককবকাই থকা লোকসকলক সাহায্য প্ৰদানত ৰাজ্য চৰকাৰৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দল-সংগঠনে তথা সচেতন নাগৰিকে ক্ষোভ প্ৰকাশ কৰাৰ লগতে বানত ককবকাই থকা লোকসকলে সাহায্য বিচাৰি প্ৰতিবাদ কৰিব লগা হৈছে৷
বানত লঘোণে-ভোকে থকা লোকৰ ৰোষত পৰিব লগা হৈছে মন্ত্ৰী-বিধায়ক৷ বানাক্ৰান্তই হাতত ত্ৰিশূল লৈ ৰাজনেতাক খেদাৰ লগতে হাতত কাঁহী-বাতি লৈ অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে৷ ৰাজ্যৰ দল-সংগঠন, ছাত্ৰ সমাজ তথা বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানে বানৰ কবলত পৰি হাহাকাৰ কৰা লোকসকলক সাধ্য অনুযায়ী সহায়-সহযোগ কৰিছে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান সাহায্য সংগ্ৰহ অভিযান আৰম্ভ কৰিছে৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিয়ে বানাক্ৰান্তক সহায়ৰ বাবে ওলাই আহি পথচাৰী, ব্যৱসায়ী, চাকৰিয়ালৰ পৰা বান সাহায্য সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে৷
ঐতিহাসিক কটন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে 'মিছন-১০০' নামেৰে এটি অভিযান চলাই বান সাহায্য সংগ্ৰহ কৰি থকা পৰিলক্ষিত হৈছে৷ পিছ পৰি থকা নাই বানপানীৰ বাতৰি সংগ্ৰহত ব্যস্ত থকা সাংবাদিক সকলো।বানপানীৰ আচল প্ৰতিচ্ছবিখন দাঙি ধৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা তথা চৰকাৰৰ পৰা বানাক্ৰান্তই সাহায্য নোপোৱা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰা সাংবাদিকসকলেও সহায়ৰ হাত আগবঢ়ালে বানাক্ৰান্তক৷
লখিমপুৰৰ বন্যাৰ্তক ৰাজ্যৰ আগশাৰীৰ সংবাদ গোষ্ঠী সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আজি সামগ্ৰী বিতৰণ কৰে৷ চৰকাৰী পক্ষই যোগান ধৰা বান সাহায্য পৰ্যাপ্ত নোহোৱাত যোৱা ৫ দিনে একো খাবলৈ নোপোৱা অঞ্চলত আজি অসমীয়া প্ৰতিদিন আৰু সাদিন গোষ্ঠীৰ হৈ টেলিভিছন চেনেল প্ৰতিদিন টাইমে বান সাহায্য বিতৰণ কৰে৷ জিলাখনৰ বানত বিধস্ত গাঁৱত য’ত এটুপি পানীৰ বাবে বানাক্ৰান্তই হাহাকাৰ কৰিব লগা হৈছে তেনে অঞ্চল আমতলা, বন গাওঁ, জইনপুৰ, মাজগাঁও আদি ১৬খন গাঁৱত চাউল, দাইল, আলু, ছয়াবিন, গাখীৰ, নিমখ, বিস্কুট আদি বিতৰণ কৰে৷
সাহায্য প্ৰদান অনুষ্ঠানটোত সংবাদ প্ৰতিষ্ঠানটোৰ কৌস্তভমণি শইকীয়াকে ধৰি কেইবাজনো সাংবাদিকে নিজে বস্তা দাঙি গাড়ীৰ পৰা উঠা নমা কৰি সাহায্য সমুহ বিতৰণ কৰে৷ জ্যেষ্ঠ সাংবাদিক শোণিত কুমাৰ ভূঞা আৰু লখিমপুৰৰ স্থানীয় সংবাদদাঁতা বুবুল হাজৰিকাও উপস্থিত থাকে৷
আনহাতে স্বেচ্ছাসেৱী অনুষ্ঠান 'বন্ধু' আৰু DY365ৰ সহযোগত ১১ হাজাৰ লিটাৰ বিশুদ্ধ খোৱা পানী, সমাজ কৰ্মী সুপ্ৰভা মেধিৰ উদ্যোগত একাংশ মহিলা কৰ্মীয়ে খাদ্য-সামগ্ৰী বিতৰণ, আৰ এছ এছৰ কৰ্মীৰ খোৱা পানী আৰু খাদ্য সামগ্ৰী বিতৰণ, মহিলাৰ ফেচবুক গোট 'অৰ্দ্ধ আকাশ' আৰু 'আমাৰ আখল' গোটেও সাহায্য আগবঢ়ায়৷ বানাক্ৰান্ত ৰাইজে সংবাদ প্ৰতিষ্ঠানকেইটাৰ লগতে বিপদৰ সময়ত থিয় দিয়া লোকসকলক ধন্যবাদ জনায়৷
• with additional inputs from NNO Laluk •