
তিনিচুকীয়াঃ বাপতি সাহোন ৰঙালী বিহুক অসমৰ ভিন্ন ঠাইত ভিন্ন ধৰণে পালন কৰি ঐক্য সংহতিৰ বাৰ্তা বিলাই অাহিছে। প্ৰতিবছৰৰ দৰে এইবেলিও তিনিচুকীয়া জিলাৰ কাকপথাৰত শনিবাৰে নিশা উদযাপন কৰা হয় মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু।
অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড, মণিপুৰৰ, মেঘালয়ৰ উপৰিও বিহাৰ, চত্তীশগড়ৰ বহুতো পৰ্যটকে ৰাতি বিহু চাবলৈ ভৰি পৰে৷ জনগোষ্ঠীটোৰ নিজস্ব সাজ-পাৰ পৰিধানেৰে ১,২০০ মৰাণ গাভৰুৱে ৰাতি বিহু থলীলৈ আহি দূৰ-দুৰণিৰ পৰা বাটকুৰি বাই অহা ডেকা ল'ৰাৰ গীত আৰু চাকচনি মাৰিৰ তালে তালে ওৰে নিশা নাচি-বাগি কাকপথাৰৰ আকাশ বতাহ ৰজনজনাই তোলে৷
কেৱল মৰাণ জনগোষ্ঠীৰ মাজতে প্ৰচলিত এই ৰাতি বিহুক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ নিমিত্তে প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আহ্বান জনাই উদযাপন সমিতিয়ে৷ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া, প্ৰাক্তন বিধায়ক তথা অসম দৃষ্টি পাৰ্টীৰ সভাপতি দিলীপ মৰাণকে ধৰি অসমীয়া বোলছবি জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ো ৰাতি বিহুত অংশ লয়৷
তদুপৰি ৬৪তম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত কথাছবি "হান্দুক"ৰ বাবে ৰজত কমল বঁটাৰ বাবে নিৰ্বাচিত অঞ্চলটোৰ যুৱ প্ৰযোজক-পৰিচালক জয়চেং জয় দহোতীয়াক ৰাতি বিহু থলীত সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷
ইয়াৰ উপৰিও নৱ প্ৰজন্মক চিনাকি কৰি লক্ষ্যৰে সম্প্ৰতি বিলুপ্তপ্ৰায় ঢাল-কড়ি খেলৰো প্ৰচলনৰ দিহা কৰে৷ উজনি অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুৰ বৈশিষ্ট হ'ল যে বিহুৰ প্ৰাক মূহুৰ্ত্তত এজন আদহীয়া ব্যক্তিক সাক্ষী হিচাপে লৈ ডেকাসকলে ঘৰে ঘৰে গৈ তামোল-পাণৰ টোপোলা দি অভিভাৱকৰ পৰা ছোৱালী খুজি অনে৷ দলটোৱে ছোৱালীজনীক নিশ্চিত নিৰাপত্তা দায়িত্ব লৈ ঘৰৰ পৰা আনি বিহু মৰাৰ শেষত পুনৰ ঘৰত থৈ আহে৷
মৰাণ সমাজে স্ব-বৈশিষ্টৰে গীত, বাদ্য আৰু নৃত্যৰে অতীজৰে পৰা ৰাতি বিহু পালন কৰি আহিছে৷ কিন্তু বিংশ শতিকাৰ মাজৰ পৰা মৰাণসকলৰ সাংস্কৃতিক, সামাজিক প্ৰমূল্যবোধৰ অভাৱ, নিজা সংস্কৃতি পালনত অনীহা, ৰাজনৈতিক বাতাবৰণ আদিৰ বিভিন্ন কাৰণত ৰাতি বিহু সময়ৰ দলিচাত পোত খাই গৈছিল৷
তেনে সময়তে কেইজনমান সাংস্কৃতিক কৰ্মীৰ তৎপৰতাত অসম আৰু অসমীয়া সমাজৰ বাৰেৰহণীয়া সংস্কৃতিৰ বৰ ভঁৰালটো টনকিয়াল কৰাৰ উদ্দশ্যেৰে ৰাতি বিহুৰ পৰম্পৰাক পুনৰ উজ্জীৱিত কৰিবলৈ চেষ্টা চলোৱা হৈছে ৷